অসমৰ প্ৰথমগৰাকী অ-কংগ্ৰেছী মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী উদযাপনত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ৷ এই অনুষ্ঠানতেই উদ্বোধন কৰা হয় গোলাপ বৰবৰাৰ জীৱনৰ আধাৰত লিখিত গ্ৰন্থও৷ ১৯৭৮ চনত কাৰ্যভাৰ গ্ৰহণ কৰি গোলাপ বৰবৰা হৈছিল ৰাজ্যৰ প্ৰথমগৰাকী অ-কংগ্ৰেছী মুখ্যমন্ত্ৰী৷ এইগৰাকী মহান ব্যক্তিৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত উপস্থিত থাকি কেইবাটাও মন্তব্য আগবঢ়াইছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে৷ গৃহমন্ত্ৰী শ্বাহে, ডঃ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটিৰ কথা উল্লেখ কৰি কয় যে গোলাপ বৰবৰাইয়ো মানুহৰ বাবেই চিন্তা কৰিছিল৷
গৃহমন্ত্ৰী শ্বাহে কয় যে, গোলাপ বৰবৰাৰ দিনতেই প্ৰথম ভোটাৰ তালিকাৰ পৰ্যবেক্ষণৰ কাম আৰম্ভ হৈছিল৷ তেতিয়াই অসমত সন্দেহজনক নাগৰিক থকাৰ কথাটো প্ৰথম পোহৰলৈ আহিছিল৷ এনেবোৰ কাৰণতেই ভোটাৰ তালিকাৰ উন্নীতকৰণৰ কাম মাজে মাজে হোৱাটো জৰুৰী বুলিও গৃহমন্ত্ৰী শ্বাহে ভাষণত উল্লেখ কৰে৷
এই অনুষ্ঠানতেই গৃহমন্ত্ৰী শ্বাহে অসমত চলি থকা উচ্ছেদ প্ৰসংগতো মন্তব্য ৰাখে৷ উচ্ছেদ অভিযানৰ প্ৰশংসা কৰি তেওঁ কয় যে, চৰকাৰে বনাঞ্চলৰ ভূমিৰ লগতে গুৰু দুজনাৰ অবদান সত্ৰভূমিৰো ভূমি বেদখলমুক্ত কৰিছে৷ গোলাপ বৰবৰাৰ অভিযানৰ দৰেই এতিয়া দেশৰ চৰকাৰে এক হাইপাৱাৰ ডেমগ্ৰাফিক চেঞ্জ মিছনৰ পৰিকল্পনা কৰিছে৷ অসমত আজি ১লাখ ২৬ বিঘা মাটি বেদখলমুক্ত কৰা হৈছে৷
অমিত শ্বাহে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একে দলৰ নহলেও গোলাপ বৰবৰাৰ দৰে নেতাক সন্মান জনাই তেওঁৰ জন্মশতবাৰ্ষিকী পালন কৰাটো প্ৰশংসনীয় কাম৷ কংগ্ৰেছৰ দিনত এনে প্ৰশংসনীয় কাম হোৱা নাছিল৷ কংগ্ৰেছে কেতিয়াও এনেদৰে তেওঁক সন্মান দিয়া নাছিল৷ অৱহেলা কৰাই নহয় তেওঁলোকৰ গৌৰৱময় কৰ্মক লুকুৱাই ৰাখিবলৈকে চেষ্টা কৰিছিল কংগ্ৰেছ দলে৷ জন্মশতবাৰ্ষিকীৰ অনুষ্ঠানতেই গৃহমন্ত্ৰীয়ে ভূতপূৰ্ব মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ নামেৰে ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ প্ৰতিষ্ঠানক উৎসৰ্গা কৰাৰ বাবে শলাগ লৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















