জ্যোতিষশাস্ত্ৰ অনুসৰি বৃহস্পতি হৈছে গুৰুত্বপূৰ্ণ গ্ৰহৰ মাজত অন্যতম৷ জ্ঞান, শিক্ষা, ধাৰ্মিক কাম, দান, পূণ্য বৃদ্ধিৰ কাৰক হিচাপে ধৰা হয় বৃহস্পতিক৷ আৰু দেৱতাসকলৰ গুৰু বৃহস্পতিৰ অৱস্থানৰ সামান্য পৰিবৰ্তনে জীৱনত কিছু প্ৰভাৱ পেলায়৷ জ্যোতিষশাস্ত্ৰ অনুসৰি জুন মাহতেই বৃহস্পতিয়ে অৱস্থান পৰিবৰ্তন কৰিব৷ এইবাৰ বৃহস্পতিয়ে তৈয়াৰ কৰিছে গজকেশৰী ৰাজযোগ৷
বৃষ ৰাশি
গজকেশৰী ৰাজযোগৰ নিৰ্মাণৰ ফলত এই ৰাশিৰ জাতক জাতিকাই লাভ পাব৷ পৈতৃক ব্যৱসায়ত লাভ হব পাৰে৷ জীৱনত নানান ধৰণৰ সুখ আনন্দ আহিব পাৰে৷ চাকৰিয়ালৰ বাবে এই সময়কাল খুবেই ভাল৷ কৰোবাত পাবলগীয়া ধন এই সময়ত লাভ কৰিব আপুনি৷ ধৰ্ম, কৰ্মত আপুনি বেছি সময় অতিবাহিত কৰিব পাৰে৷ মান সন্মান বাঢ়িব পাৰে৷
মিথুন ৰাশি
শিক্ষাক্ষেত্ৰত মনে বিচৰাধৰণে লাভ পাব পাৰে৷ সন্তানৰ তৰফৰ পৰা কোনো ভাল খবৰ পাব পাৰে৷ এই ৰাশিৰ জাতক জাতিকাই এই সময়ত কোনো সুখবৰ পাব পাৰে৷ সমাজৰ ডাঙৰ কোনো প্ৰসিদ্ধ ব্যক্তিৰ সৈতে সাক্ষাৎ কৰিব পাৰে৷ সামাজিক দিশৰ পৰা উন্নতি কৰিব পাৰে৷ ধাৰ্মিক কামত অংশ লব পাৰে৷ ধন সম্পত্তি সম্পৰ্কিত সমস্যাৰ পৰা মুক্তি পাব পাৰে৷ দীৰ্ঘদিন ধৰি স্বাস্থ্য সংক্ৰান্তিয় সমস্যাত ভূগি থাকিলে মুক্তি পাব পাৰে৷ বৈবাহিক জীৱন পূৰ্বতকৈ ভাল হব৷
তুলা ৰাশি
এই ৰাশিৰ জাতক জাতিকাৰ জীৱনত অনুকূল প্ৰভাৱ পেলাব গজকেশৰী যোগে৷ এই ৰাশিৰ জাতক জাতিকাৰ জীৱনত আধ্যাত্মিকতাই প্রভাৱ পেলাব৷ বহুদিন ধৰি চলা পৰিশ্ৰমৰ ফল এইবাৰ লাভ কৰিব৷ সন্তানৰ সুখ আহিব জীৱনলৈ৷ কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা পাব৷ কামত বাধা থাকিলে এই সময়ত দূৰ হব৷
কেতিয়া গজকেশৰী যোগ?
২৪ জুনৰ নিশা ১১ বাজি ৪৫ মিনিটত মিথুন ৰাশিত প্ৰৱেশ কৰিব চন্দ্রই৷ তাতেই আছে বৃহস্পতি৷ ২৪ জুনত মিথুনত থাকিব বৃহস্পতি৷ তাৰফলত দুই গ্ৰহৰ মাজত যুঁটি তৈয়াৰ হব৷ তাৰ ফলতেই তৈয়াৰ হব গজকেশৰী ৰাজযোগ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















