• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বস্তাৰ ভিতৰত উদ্ধাৰ হোৱা মালিগাঁৱৰ ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তা ঘটনাৰ অভিযুক্ত জালত, সমুখলৈ আহিল সমস্ত ঘটনা

বস্তাৰ ভিতৰত উদ্ধাৰ হোৱা মালিগাঁৱৰ ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তা ঘটনাৰ অভিযুক্ত জালত, সমুখলৈ আহিল সমস্ত ঘটনা

2 years ago
বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

34 minutes ago
ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

1 hour ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

2 hours ago
সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

2 hours ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

3 hours ago
এতিয়াই লওক অলংকাৰ, অভাৱনীয় হাৰত দাম কমিছে সোণৰ

Gold-Silver Price Today: হ্ৰাস পালে সোণৰ মূল্য, শীঘ্ৰে ক্ৰয় কৰক পছন্দৰ গহনা!

4 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে সলনি হ’ব বহু ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য!

হাতলৈ আহিব ধন, শীঘ্ৰে সলনি হ’ব বহু ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য!

4 hours ago
ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

4 hours ago
সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

6 hours ago
কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

6 hours ago
পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

7 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

আজি কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য? পঢ়ক দৈনিক ৰাশিফল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

বস্তাৰ ভিতৰত উদ্ধাৰ হোৱা মালিগাঁৱৰ ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তা ঘটনাৰ অভিযুক্ত জালত, সমুখলৈ আহিল সমস্ত ঘটনা

editor by editor
July 13, 2024
in অপৰাধ, অসম, উত্তৰ-পূব, গুৱাহাটী
0
বস্তাৰ ভিতৰত উদ্ধাৰ হোৱা মালিগাঁৱৰ ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তা ঘটনাৰ অভিযুক্ত জালত, সমুখলৈ আহিল সমস্ত ঘটনা
0
SHARES
324
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বস্তাৰ ভিতৰত উদ্ধাৰ হোৱা মালিগাঁৱৰ ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তা ঘটনাৰ অভিযুক্ত জালত, সমুখলৈ আহিল সমস্ত ঘটনা

মালিগাঁৱৰ বস্তাৰ ভিতৰত উদ্ধাৰ হোৱা উত্তৰ প্ৰদেশৰ ৰঘুৰ হত্যাকাণ্ডৰ ঘটনাৰ কেইবাজনো অভিযুক্ত আৰক্ষীৰ জালত। মংগলদৈৰ পৰা আটক কৰে গকুল ফুকন নামৰ এজনক। ইয়াৰ উপৰিও ৰাজা দেৱৰয় নামৰ এজনৰ লগতে আন দুজন আটক আৰক্ষীৰ। ৰাজাৰ সৈতে মিলি ৰঘু ওৰফে ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ গকুল ফুকন।

মহানগৰীৰ মালীগাঁৱত ভয়ংকৰ হত্যাকাণ্ড। মৃতদেহ কাটি কাটি বস্তাত ভৰাই পেলাই থৈ গৈছিল হত্যাকাৰীয়ে। অৰ্ধগলীত মৃতদেহৰ পৰা উৎকট গোন্ধ ওলোৱাতহে উদ্ধাৰ হৈছিল মৃতদেহ । ঘটনা সন্দৰ্ভত ৪ জনক আটক জালুকবাৰী আৰক্ষীৰ ।

শুকুৰবাৰে পুৱা বস্তাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হোৱা এটা মৃতদেহে বাৰুকৈয়ে জোকাৰি যায় সমগ্ৰ গুৱাহাটী মহানগৰী ৷ বিশাল হাউছিং কমপ্লেক্সৰ পিছফালে থকা আৱৰ্জনাৰ দমত উদ্ধাৰ হৈছিল মৃতদেহটো। অত্যাধিক দুৰ্গন্ধ ওলোৱাত সন্দেহ হয় স্থানীয় লোকৰ ৷ লগে লগেই আৰক্ষীক খবৰ দিয়াত উপস্থিত হৈ জালুকবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰে বস্তাত ভৰাই থোৱা মৃতদেহটো।

ক্ষত বিক্ষত হৈ বস্তাত ভৰাই থোৱা অৱস্থাত পৰি থকা ৰঘূবেন্দ্ৰ কুমাৰ গুপ্তাৰ মৃতদেহ। ৰঘূবেন্দ্ৰ ওৰফে ৰঘূৰ ঘৰ উত্তৰ প্ৰদেশত। কৰ্মসূত্ৰে গুৱাহাটীৰ পল্টন বজাৰৰ ছলাপাৰাত বাস কৰে ৰঘুৱে। পল্টন বজাৰৰ Transporter আছিল ৰঘূবেন্দ্ৰ ৷

সেই সূত্ৰেই কামাখ্যা আৰু পল্টন বজাৰ ষ্টেচনত সঘনাই অহা যোৱা চলে ৰঘূবেন্দ্ৰৰ ৷ ৮ জুলাইৰ সন্ধ্যাও একেদৰেই পাৰ্চেল দিবৰ বাবে ৰঘূ গৈছিল কামাখ্যা ষ্টেচনলৈ ৷ সেই দৃশ্যও বন্দী হৈছিল কামাখ্যা ষ্টেচনৰ CCTV কেমেৰাত । সেইদিনাই সন্ধিয়া প্ৰায় ৭.৩০ মান বজাৰ পৰা নিশা ১০ বজালৈ বন্ধ আছিল ৰঘূৰ ম’বাইল ফোন ।

তাৰ পাছৰ পৰাই নিৰুদ্দেশ হৈ আছিল ৰঘূবেন্দ্ৰ কুমাৰ গুপ্তা তথা ৰঘু ৷ কিন্তু শুকুৰবাৰে পুৱা কামাখ্যা ষ্টেচনৰ পিছফালে থকা আৱৰ্জনাৰ দমৰ পৰা উলংগ কৰি কাটি বস্তাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হয় transporter ৰঘূবীৰৰ মৃতদেহ ৷ দাঁত উভালি , চকু উলিয়াই চিনিব নোৱাৰা কৰা হৈছিল ৰঘূবীৰক । তাৰোপৰি কাটি পেলোৱা হৈছিল দাঢ়ি-চুলিয়ো।

সেই দিনাউ মৃতদেহৰ কাষতে উদ্ধাৰ হৈছিল এটা ম’বাইল ফোন ৷ যিটো ম’বাইল ফোনৰ বেককভাৰত এগৰাকী যুৱতী আৰু এগৰাকী মহিলাৰ ফটো সন্নিৱিষ্ট হৈ আছিল৷ অৱশ্যে সেই ম’বাইল মৃত ৰঘুবীৰৰ নাছিল ৷ কিন্তু সেই মোবাইলেই ঘটনাৰ অভিযুক্তৰ কাষলৈ নিয়ে আৰক্ষীক।

সোধপোচ এতিয়াও অব্যাহত আছে। কিন্তু কি কাৰণত ইমান নৃশংস ভাৱে হত্যাকাণ্ড সংঘটিত কৰিলে সেই তথ্য তদন্তৰ খাতিৰত ৰাজহুৱা কৰা নাই আৰক্ষীয়ে ৷ অৱশ্যে বহুলোকৰ সন্দেহ উত্তৰ প্ৰদেশত গৰ্ভৱতী পত্নী আৰু কন্যা থকা ৰঘুৰ ধৃত দুই যুৱতী মহিলা, যুৱতীৰ সৈতে সম্পৰ্ক আছিল ৰঘূবীৰৰ ৷ যাৰৰ ফলতেই হয়তু এই ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হয়। ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam. GuwahatiguwahatimaligaonMaligaon Murder Casemurder case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী
অসম

ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

March 24, 2026
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ
অসম

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

March 23, 2026
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা
অসম

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

March 23, 2026
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!
অসম

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

March 23, 2026
Next Post
উত্তৰ পূৱৰ এখন ৰাজ্যৰ ভয়ংকৰ তথ্য- ৮০০ৰো অধিক আক্ৰান্ত, ৪৭ জন নিহত

উত্তৰ পূৱৰ এখন ৰাজ্যৰ ভয়ংকৰ তথ্য- ৮০০ৰো অধিক আক্ৰান্ত, ৪৭ জন নিহত

উপ-নিৰ্বাচন- মুখ থেকেচা খাব নেকি বিজেপিয়ে, প্ৰায় গোটেইকেইখনতে আগ বাঢ়ি আছে ইণ্ডিয়া মিত্ৰজোঁট, ইতিমধ্যে ৫ আসন লাভ 

উপ-নিৰ্বাচন- মুখ থেকেচা খাব নেকি বিজেপিয়ে, প্ৰায় গোটেইকেইখনতে আগ বাঢ়ি আছে ইণ্ডিয়া মিত্ৰজোঁট, ইতিমধ্যে ৫ আসন লাভ 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.