অসম লাইভ ২৪ঃ পুনৰ হেক হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইট। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইট খুলিলেই মেছেজ আহে ভগৱানৰ পৰা। লগতে জনায় ভেলেণ্টাইন ডেৰ শুভেচ্ছা। ইয়াৰ উপৰিও অশ্লীল কিছু কথা ওলায় ৱেবছাইটোত। উল্লেখযোগ্য যে বিগত বৰ্ষটো হেক হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইট। বিশ্ববিদ্যালয়ৰ ৱেবছাইটত ওলাইছিল পৰ্ণ। বিশ্ববিদ্যালয়খনৰ ৱেবছাইট বাৰে বাৰে হেক হোৱাক লৈ এতিয়া চিন্তিত হৈ পৰিছে সচেতন মহল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ