অসম লাইভ ২৪ঃ শীতকালৰ সময়ছোৱাত চুলি সৰা বা উফিৰ সমস্যা কম বেছি পৰিমানে প্ৰায় সকলোৱেই ভূগিবলগীয়া হয়৷ ঠাণ্ডাৰ দিনসমূহত অত্যাধিক চুলি সৰাৰ মূল কাৰণ হৈছে উফিৰ সমস্যা৷ ইয়াৰ বাবে বিভিন্ন বিউটি আৰু হেয়াৰ কেয়াৰ প্ৰডাক্ট ব্যৱহাৰ কৰা হয় যদিও এইসমস্যাৰ পৰা পৰিত্ৰাণ পোৱা নায়ায়৷

বা খুব কম পৰিমানেহে ইয়াৰ উপকাৰিতা লাভ কৰে৷ কিন্তু ইয়াৰ পৰিৱৰ্তে প্ৰাকৃতিকভাৱে কিছু ঘৰুৱা উপায় অৱলম্বন কৰি এই সমস্যাৰ পৰা কিছু সকাহ পাব পাৰি৷ ইয়াৰ বাবে আটাইতকৈ সহজ আৰু ঘৰুৱা উপাদান হৈছে নৰসিংহ পাত৷

নৰসিংহ পাতৰ হেয়াৰ মাস্ক ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা আপুনি সহজতে সকাহ পাব পাৰে৷ হেয়াৰ মাস্ক তৈয়াৰ কৰিবৰ বাবে আপুনি ব্যৱহাৰ কৰিব লাগিব মেথিগুটি, আমলখি আৰু নৰসিংহৰ পাত৷ ইয়াৰ বাবে আপুনি কৰিব লাগিব—

প্ৰথমে নৰসিংহৰ পাত আৰু মেথি পিচি লৈ তাত আমলখিৰ পাউদাৰ আৰু পিয়াঁজৰ ৰস মিলাব৷ সকলোবোৰৰ এটা মিশ্ৰণ তৈয়াৰ কৰি চুলিত লগাব৷ ৩০ মিনিটৰ পাছত কুহুমীয়া গৰম পানীৰে চুলিবোৰ ধুই দিব৷ ধ্যান দিব যাতে চুলি ধোৱাৰ সময়ত কোনো ধৰণৰ ছেম্পুৰ যাতে ব্যৱহাৰ নকৰে৷ সপ্তাহত দুবাৰকৈ ব্যৱহাৰ কৰিব এই হেয়াৰ মাস্ক৷ খুব সোনকালেই পৰিৱৰ্তন পৰিলক্ষিত হ’ব আপোনাৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















