অসম লাইভ ২৪ঃ জলজীৱন মিছন আচঁনি, এই আচঁনি কেন্দ্ৰ চৰকাৰৰ এখন বিশেষ অভিলাষি আচঁনি। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চলা এই আচঁনিয়ে সামৰি লৈছিল সমগ্ৰ দেশকেই। কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ’ল এই জলজীৱন মিছন আচঁনিয়ে যেনেদৰে গুৰুত্ব আৰু প্ৰাধান্য পাব লাগিছিল অসমত ঠিক তেনেদৰে গুৰুত্ব লাভ নকৰিলে ৰাজ্যত। অনকি এই আচঁনিৰ ক্ষেত্ৰত ক্ষেত্ৰ ভিত্তিক অধ্যয়নতো পৰিস্ফুট হৈছিল যে একেবাৰে কম সূচাংকত স্থান লাভ কৰিছিল অসমে।
এই আচঁনিৰ সৈতে অসমৰ বহু যুৱক-যুৱতী বহু দিনৰ পৰা জড়িত হৈ আছে। আনকি বহু লোকে এই আচঁনিৰ বাবে নিজৰ মাটিও প্ৰদান কৰি থৈছে। কিন্তু তথাপিও ৰাজ্যত আশানুৰূপ ফল দেখুওৱাব পৰা নাই এই আচঁনিয়ে। সেয়েহে চৰকাৰে এইবাৰ নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই আচঁনিৰ জড়িয়তে ৰাজ্যৰ ২২ হাজাৰ যুৱকক মাহিলী ৬,৫০০ টকাকৈ প্ৰদান কৰা হ’ব। এই আৰ্থিক অনুদানৰ জড়িয়তে কেন্দ্ৰীয় চৰকাৰৰ আচঁনি জলজীৱন মিছনে অসমত আশানুৰূপ ভাল ফলাফল দেখুওৱাব পাৰিব বুলি আশা ৰাখিছে ৰাজ্য চৰকাৰে। অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাসে এই সন্দৰ্ভত কয় যে জলজীৱন মিছন আচঁনি ছিংগেল ভিলেজ আচঁনি। ইয়াৰ জড়িয়তে ২২ হাজাৰ যুৱকক নিযুক্তি দি এই ধনৰাশি আগৱঢ়োৱা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ