আজি ১২ এপ্ৰিল চ’ত পূৰ্ণিমা তিথি৷ হিন্দুধৰ্ম অনুসৰি শনিবাৰ শনিদেৱৰ প্ৰিয় দিন৷ ইয়াৰ সৈতে আজি পালিত হৈছে হনুমান জয়ন্তী৷ চ’ত পূৰ্ণিমাৰ এই দিনটোতেই জন্ম হৈছিল ভগৱান হনুমানৰ৷ এই দিনটো হনুমান ভক্তসকলৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ৷ পঞ্জিকামতে আজি দিনজুৰি চন্দ্ৰই কন্যা ৰাশিত গোচৰ কৰিব৷ চন্দ্ৰ মন আৰু অনুভূতিৰ কাৰক গ্ৰহ বুলি কোৱা হয়৷ অন্যহাতে সূৰ্যই এতিয়া অৱস্থান কৰিছে মীন ৰাশিত৷ পঞ্জিকা অনুসৰি আজি নিশা পূৰ্ণিমা তিথি পৰিছে৷ ইয়াৰোপৰি আজিৰ দিনটো কেইটামান কাৰণত বিশেষ৷ ব্যাঘাত যোগ আৰু হৰ্ষ যোগৰ প্ৰভাৱ আছে আজি৷ ব্যাঘাত যোগক জ্যোতিষ শাস্ত্ৰমতে অশুভ বুলি কোৱা হয়৷ হৰ্ষ যোগত মানুহে নিজৰ দুৰ্বলতাসমূহক নিজৰ শক্তিলৈ ৰূপান্তৰিত কৰে৷
জ্যোতিষশাস্ত্ৰ অনুসৰি শনি আৰু হনুমানৰ কৃপা কিছু বিশেষ ৰাশিৰ ওপৰত বৰ্ষিত হব৷ কোন কোন ৰাশিৰ ভাগ্য খুলিব আজি?
মেষ ৰাশি
মেষ ৰাশিত জাতকৰ বাবে আজিৰ দিনটো কৰ্মক্ষেত্ৰত শুভ হ’ব পাৰে৷ শনিৰ কৃপাত কৰ্মত উন্নতি আৰু হনুমানৰ আশীৰ্বাদত সাহস আৰু আত্মবিশ্বাস বৃদ্ধি পাব পাৰে৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটোত ভাগ্যোদয়ৰ সুযোগ আহিব৷ শনিৰ স্থিতিশীল প্ৰভাৱ আৰু হনুমানৰ ৰক্ষাকবচে বহুতকে বাধাৰ পৰা মুক্তি দিব পাৰে৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ বাবে আজি আৰ্থিক দিশৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে৷ শনিদেৱৰ আশীৰ্বাদত দীৰ্ঘদিন ৰৈ থকা কাম সম্পূৰ্ণ হব পাৰে৷ হনুমানৰ কৃপাত শত্ৰুৰ ওপৰত বিজয় লাভ কৰিব পাৰে৷
ইয়াৰোপৰি কুম্ভ ৰাশিৰ জাতকৰ ওপৰত শনিৰ বিশেষ দৃষ্টি আছে আজিৰ দিনটোত৷ তেওঁলোকৰ বাবেও আজিৰ দিনটো শুভ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ