যদি মাহত এক নিৰ্দিষ্ট পৰিমাণৰ টকা আয় কৰিব খোজে তেন্তে অন্যান্য কৰোবাত বিনিয়োগ কৰাতকৈ চৰকাৰী স্কিমৰ ওপৰতেই ভৰসা ৰাখক৷ তাৰপৰাই আপুনি বিৰাট লাভ পাব৷ প’ষ্ট অফিচ নেশ্ব্যনেল ছেভিংছ স্কিমে আপোনাক দিব পাৰে নতুন জীৱন৷ আপোনাৰ জমা ধনৰ ওপৰত আপুনি পাব ভাল পৰিমাণৰ সুদ৷ যিসকলে ইয়াত বিনিয়োগ কৰে তেওঁলোকে কোনো ভয় নৰখাকৈ বিনিয়োগ কৰিব পাৰে৷ ইয়াত ১ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি সৰ্বোচ্চ ৯ লাখ টকা বিনিয়োগ কৰিব পাৰে৷ যদি জয়েণ্ট একাউণ্ট খুলে তেন্তে ১৫ লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰে৷
এই একাউণ্টৰ সময়সীমা হৈছে ৫বছৰ৷ যদি ৩ বছৰ পাছত আপুনি এই একাউণ্ট বন্ধ কৰি দিয়ে তেন্তে ২শতাংশ ডিপোজিট চাৰ্জ কাটি দিয়া হব৷ যদি ৩ৰ পৰা ৫ বছৰৰ ভিতৰত বন্ধ কৰি দিয়ে তেন্তে ১শতাংশ হাৰত ডিপোজিট চাৰ্জ কাটি দিয়া হব৷ যদি আপুনি ৫লাখ টকা ৰাখে তেন্তে মাহত আপুনি লাভ কৰিব ৩ হাজাৰ ৮৩টকা৷ যদি ৯ লাখ টকা ৰাখে তেন্তে মাহিলী ৫ হাজাৰ ৫৫০ টকা লাভ কৰিব আপুনি৷ যদি ১৫ লাখ টকা ৰাখে তেন্তে ৯ হাজাৰ ২৫০ টকাকৈ পাব আপুনি৷ এই অফাৰ আছে ৫বছৰৰ বাবে৷
অৱশ্যে এই স্কিমত একাউণ্ট খুলিবলৈ হ’লে ভাৰতীয় হ’ব লাগিব৷ ইয়াৰ সৈতে আপুনি তিনিজনৰ সৈতে মিলি জয়েণ্ট একাউণ্টো খুলিব পাৰে৷ যদি সৰু কাৰোবাৰ নাম থাকে তেন্তে অভিভাৱক হিচাপে এজনৰ নাম থাকিলেও হয়৷ ইয়াত প্ৰতিমাহে সুদ পোৱা যাব৷ যদি আপুনি সুদৰ টকা উঠাই নলয় তেতিয়া আৰু বেছি হৈ আপোনাৰ হাতলৈ উভতি আহিব৷
এতিয়া বিনিয়োগ কৰাৰ প্রথম এবছৰ পৰ্যন্ত টকা তুলিব নোৱাৰিব আপুনি৷ যদি সেয়া কৰে তেন্তে পেনাল্টি কাটি লোৱা হব৷ যদি ভাৱে যে নিজৰ একাউণ্ট বন্ধ কৰিব তেতিয়া এখন দৰ্খাস্ত পোষ্ট অফিচত দিলেই সেয়া বন্ধ হৈ পৰিব৷
৫ বছৰৰ পাছত আপুনি সম্পূৰ্ণ টকা তুলি লব পাৰিব৷ ইয়াৰবাবে আপুনি এখন আবেদন কৰিব লাগিব পোষ্ট অফিচত৷ যদি সময়ৰ পূৰ্বে প্ৰধান বিনিয়োগকাৰীৰ মৃত্যু হৈ যায় তেতিয়া অতি সহজেই তেওঁৰ নমিনিয়ে সেই টকা লাভ কৰিব৷ সেই নমিনিয়ে সুদৰ টকাও পাব৷ টকা বিনিয়োগ কৰাৰ পূৰ্বে পোষ্ট অফিচত গৈ সমস্ত তথ্য জানি থওক৷ যদি আপুনি কোনো প্ৰতাৰণাৰ চিকাৰ হয় তেন্তে ইয়াৰ বাবে অসম লাইভ ২৪ দায়ী নহয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ