১৩ এপ্ৰিলত শুক্ৰই মীন ৰাশিত অৱস্থান কৰিছে৷ শুক্ৰই ৩১ মে পৰ্যন্ত এই ৰাশিতেই থাকিব৷ ইয়াৰপাছতেই আকৌ গতি পৰিবৰ্তন কৰিব৷ মীন ৰাশি হৈছে শুক্ৰৰ উচ্চ ৰাশি আৰু এই ৰাশিতেই শুক্ৰই গমন কৰিব৷ যেতিয়া শুক্ৰই তাৰ উচ্চ ৰাশিত থাকে তেতিয়া মালব্য নামৰ এক ৰাজযোগ তৈয়াৰ হয়৷
যেতিয়া শুক্ৰই চিধা গতিৰে যাত্ৰা কৰে তেতিয়া বহু ৰাশিচক্ৰৰ জাতকে ভাল সুবিধা পায়৷ যিসকলে সম্পদ, সমৃদ্ধি আৰু সুখ ইত্যাদি সমস্যাত ভূগিছে তেওঁলোকে এতিয়া শুক্ৰ আৰু মালব্য ৰাজযোগৰ কাৰণে জীৱনত বহু সুবিধা পাব৷ শুক্ৰই মীন ৰাশিলৈ অহাৰ কাৰণে কোন কোন ৰাশিৰ জাতকে ভাল লাভ পাব?
বৃষ ৰাশি
শুক্ৰই আপোনাৰ ৰাশিচক্ৰৰ পৰা একাদশ ঘৰলৈ আহিবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ ফলত বৃষ ৰাশিৰ জাতকৰ সম্পদ আৰু সমৃদ্ধি বৃদ্ধি পাব আৰু আপুনি কামত ভাল সাফল্য পাব৷ এই সময়কালত আপুনি আপোনাৰ বন্ধুৰ পূৰ্ণ সমৰ্থন পাব৷ আপোনাৰ প্ৰতিযোগিতাও কম হব৷ যাৰ কাৰণে আপুনি আপোনাৰ প্ৰতিভা বিশ্বৰ ওচৰত প্ৰদৰ্শন কৰিবলৈ সক্ষম হব৷ শুক্ৰৰ গতিৰ কাৰণে, পৰিয়ালত কোনো ধৰ্মীয় বা শুভ ঘটনা ঘটাৰ সম্ভাৱনা আছে৷ যাৰ কাৰণে সম্পূৰ্ণ পৰিয়ালেই খুব সুখী থাকিব৷
মিথুন ৰাশি
শুক্ৰ গ্ৰহ আপোনাৰ ৰাশিচক্ৰৰ পৰা আঁতৰি দশম স্থানলৈ যাব৷ এই সময়ত মিথুন ৰাশিৰ জাতক জাতিকাই অৰ্থ সঞ্চয় কৰাত সফল হব৷ ৰৈ থকা অৰ্থ পোৱাৰ সম্ভাৱনা আছে৷ এই ৰাশিৰ জাতক জাতিকা, ছাত্ৰছাত্ৰী, কৰ্মজীৱী অথৱা ব্যৱসায়ীয়ে এই সময়কালত বিদেশ ভ্ৰমণ কৰিব পাৰে৷ যি আপোনাৰ বাবে খুবেই উপকাৰী হব৷ শুক্ৰৰ গতিত বৈবাহিক জীৱন শক্তিশালী হব আৰু একেলগে ধৰ্মীয় ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা আছে৷
সিংহ ৰাশি
শুক্ৰ গ্ৰহই আপোনাৰ ৰাশিচক্ৰৰ পৰা অষ্টম ঘৰলৈ স্থানান্তৰিত হব৷ এই সময়ত সিংহ ৰাশিৰ জাতক জাতিকাই মাটি, ভৱন, অৰ্থ বা যানবাহন সম্পৰ্কিত বিষয়ত ভাল ফলাফল পাব৷ ব্যৱসায়ত লাভৰ শতাংশ বৃদ্ধি পাব পাৰে৷ যিয়ে আপোনাৰ আৰ্থিক অৱস্থানক শক্তিশালী কৰিব৷ চৰকাৰ আৰু প্ৰশাসনৰ সৈতে সম্পৰ্কিত ব্যক্তিও উপকৃত হব৷ মিডিয়া বা গ্লেমাৰ জগতৰ সৈতে যুক্ত ব্যক্তিয়ে এই সময়কালত ভাল ফলাফল পাব৷ আপোনাৰ প্ৰেম জীৱনত আপুনি আপোনাৰ প্ৰেমিকৰ পৰা পূৰ্ণ সমৰ্থন পাব৷
মকৰ ৰাশি
শুক্ৰই আপোনাৰ ৰাশিচক্ৰৰ পৰা আতঁৰি তৃতীয় অৱস্থানলৈ যাব৷ এই সময়ত আপোনাৰ জীৱনত চলমান অসুবিধাসমূহ শেষ হব আৰু পৰিয়াল বা বন্ধুৰ পৰা কোনো সুসংবাদ পোৱাৰ সম্ভাৱনা আছে৷ শুক্ৰৰ গতিয়ে আপোনাক আৰ্থিক লাভৰ ওপৰিও সুখ সমৃদ্ধি বৃদ্ধিতো সহায় কৰিব৷ যদি বিগত কেইবাদিন ধৰি কোনো সমস্যা চলিছে তেন্তে এই সময়ৰ ভিতৰত সেই সমস্যাৰ সমাধান পোৱা সম্ভৱ৷ আপুনি আপোনাৰ লক্ষ্যৰ ওপৰ সম্পূৰ্ণ মনোযোগী হব৷
কুম্ভ ৰাশি
শুক্ৰই আপোনাৰ ৰাশিচক্ৰৰ দ্বিতীয় অৱস্থানলৈ স্থানান্তৰিত হব৷ এই সময়ত আপুনি নেতৃত্ব দিয়াৰ সুযোগ পাব আৰু লাভৰ পথ প্ৰশস্ত হব৷ আপুনি যদি এজন ছাত্ৰ হয় তেতিয়া এই সপ্তাহত আপুনি পঢ়াশুনাত ভাল ফলাপল পাব৷ আপুনি যদি নিজৰ ব্যৱসায় আৰম্ভ খোজে তেন্তে এই সময়ত ভাল ফল পাব আপুনি৷
মীন ৰাশি
শুক্ৰই আপোনাৰ ৰাশিত ঊৰ্ধগতিত অৰ্থাৎ প্ৰথম অৱস্থানলৈ গমন কৰিব৷ এই সময়ত আপোনাৰ স্বাস্থ্য ভালে থাকিব আৰু আপুনি প্ৰতিটো বিষয়ত বেছ সক্ৰিয় থাকিব৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে এই সময়ত ভাল খবৰ পাব৷ আপোনাৰ প্ৰেম জীৱনত যদি কোনো সমস্যা থাকে তেন্তে এই সময়ত শেষ হব৷ আপুনি প্ৰেমিকৰ পৰা পূৰ্ণ সমৰ্থন পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ