হিন্দু জ্যোতিষে শনি গ্ৰহক মূলত দুঃখ, পীড়া, বিজ্ঞান, লোহা, খনিজ তেল, কৰ্মচাৰী, সেৱক, জে’ল প্ৰভৃতিৰ কাৰক গ্ৰহ বুলি কয়৷ ইয়াৰ বাবে শনিদেৱৰ স্থান সলনি ঘটিলে বহু সময়ত বিভিন্ন পৰিবৰ্তনে দেখা দিয়ে৷ বিশেষকৈ এই সমস্ত ক্ষেত্ৰত শনিৰ প্ৰভাৱ বেছিকৈ লক্ষ্য কৰা যায়৷ ইয়াৰ ফলত জাতক-জাতিকাৰ জীৱনতো ইয়াৰ প্ৰভাৱ দেখা যায়৷
জুলাই মাহৰ পৰা কৰ্মফলদাতা শনি বক্ৰী হৈছে৷ ফলত এই সময়ত শনিৰ ওলোটা যাত্ৰাৰ প্ৰভাৱ কিছু ৰাশিৰ ওপৰত দেখা যায়৷ এই সময়ৰে পৰাই তিনি ৰাশিৰ শুভ সময় আৰম্ভ হব৷
মিথুন ৰাশি
আপোনাৰ বাবে শনি বক্ৰী হোৱাত অত্যন্ত শুভ ফল লাভ কৰিব আপুনি৷ কাৰণ, শনিয়ে আপোনাৰ জীৱনত নতুন দিশা আনিব৷ কেৰিয়াৰৰ পৰা আৰম্ভ কৰি প্ৰতিটো ক্ষেত্ৰতেই আপোনাৰ জীৱনলৈ বিপুল সমৃদ্ধি আনিব শনিৰ বক্ৰী দশাই৷ এই সময়ত আপুনি নতুন কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ চাকৰিয়ালে প্ৰমোছনৰ সুযোগ পাব এই সময়ত৷ ইয়াৰোপৰি ব্যৱসায়তো নতুন যোজনাৰ পৰা লাভ হব৷ এই সময়ত পিতৃ মাতৃৰ সৈতে সম্পৰ্ক ভালে থাকিব৷ এই সময়ত আপুনি অৰ্থ সঞ্চয় কৰিবলৈ সক্ষম হব৷
ধনু ৰাশি
শনিৰ ওলোটা গতিৰ প্ৰভাৱক বেয়া সময় কাটি ভাল সময় আহিব এই ৰাশিৰ জীৱনলৈ৷ এই সময়ত আপুনি যাৱতীয় ভৌতিক সুখ লাভ কৰিব৷ ইয়াৰোপৰি এই সময়ত আপুনি নতুন কোনো বাহন বা সম্পত্তি কিনিব পাৰে৷ আপোনাৰ পৈতৃক সম্পত্তি লাভ হব এই সময়ত৷ অপূৰ্ণ কোনো কাম এই সময়ত সম্পূৰ্ণ হব৷ ৰিয়েল এষ্টেট, প্ৰপাৰ্টি, মাটি আদি ক্ৰয়ৰ ক্ষেত্ৰত লাভ কৰিব৷
মীন ৰাশি
আপোনাৰ বাবে শনিৰ বক্ৰী হোৱাটো লাভজনক হব৷ এই সময়ত শনিৰ প্ৰভাৱত আপুনি আপোনাৰ হেৰুওৱা আত্মবিশ্বাস উভতাই পাব৷ ইয়াৰোপৰি এই সময়ত আপোনাৰ ব্যক্তিত্ব উন্নত হব৷ পৰিয়ালৰ মানুহৰ সৈতে সম্পৰ্ক উন্নীত হব৷ চাকৰিয়ালে প্ৰমোছন পাব৷ আপুনি নতুন কোনো যোজনাৰ পৰা লাভ পাব৷ ইয়াৰোপৰি এই সময়ত অবিবাহিতসকলৰ বিবাহৰ যোগ আছে৷ এই সময়ত সকলো দিশতেই আপুনি উন্নতি কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ