নিৰাপদ আৰু লাভজনক বিনিয়োগৰ কথা ভাৱিছে৷ তেন্তে পোষ্ট অফিচৰ ফিক্সড ডিপোজিট বা টাইম ডিপোজিট স্কিম হ’ব পাৰে আপোনাৰ বাবে একেবাৰে উপযুক্ত বিকল্প৷ বৰ্তমান অৰ্থনৈতিক অনিশ্চয়তাৰ সময়তো যিসকলে দীৰ্ঘম্যাদি আৰু নিৰাপদ বিনিয়োগ কৰিব খুজিছে তেওঁলোকৰ বাবে পোষ্ট অফিচৰ এই স্কিম আদৰ্শ৷
বেংকৰ তুলনাত পোষ্ট অফিচত সুদৰ হাৰ কিছু হ’লেও বেছি আৰু সকলোতকৈ ডাঙৰ কথা যে চৰকাৰী সুৰক্ষাৰ আওঁতাত থকাৰ বাবে এই আঁচনি অতিকৈ নিৰাপদ৷ ফলত সাধাৰণ গ্ৰাহকৰ বাবে এয়া এটা অতি নিৰ্ভৰযোগ্য আৰু মুনাফাদায়ক বিকল্প৷ অৰ্থনৈতিক বিশেষজ্ঞই কৈছে যে, ‘যদি আপুনি নিৰাপদ ৰিটাৰ্ণ পাব খোজে তেন্তে পোষ্ট অফিচৰ টাইম ডিপোজিট স্কিমৰ দৰে স্কিমত বিনিয়োগ কৰিলে লাভৱান হ’বই৷
প্ৰথমে ৫০০টকা দি পোষ্ট অফিচৰ ছেভিংছ একাউণ্ট খুলিব লাগিব৷ তাৰপিছতেই বিনিয়োগ কৰিব লাগিব টাইম ডিপোজিট স্কিমত৷ টাইম ডিপোজিটত বিনিয়োগৰ নূন্যতম পৰিমাণ ১০০০ টকা৷ সৰ্বোচ্চ কোনো সীমা নাই৷ সুদৰ হাৰ ৬.৯শতাংশৰ পৰা আৰম্ভ কৰি সৰ্বোচ্চ ৭.৫শতাংশ পৰ্যন্ত৷ বৰ্তমান ১ বছৰৰ টাইম ডিপোজিটত ৬.৯শতাংশ, ২ বছৰৰ ম্যাদত ৭.০শতাংশ, ৩ বছৰৰ ম্যাদত ৭.১শতাংশ আৰু ৫ বছৰৰ টাইম ডিপোজিটত ৭.৫শতাংশ হাৰত সুদ দিয়া হৈছে৷
সুদ ত্ৰৈমাহিক ভিত্তিত গণনা কৰা হলেও দিয়া হয় বাৰ্ষিকভাৱে৷ বেংকৰ ছেভিংছ একাউণ্টৰ তুলনাত এই স্কিমত দ্বিগুণ সুদ পোৱা যায়৷ টাইম ডিপোজিট স্কিমত সন্তানৰ নামতো একাউণ্ট খুলিব পাৰে অভিভাৱকে৷ বয়স ১০ বছৰৰ বেছি হ’লে তেওঁ নিজেই সেই একাউণ্ট পৰিচালনা কৰিব পাৰে৷ টাইম ডিপোজিটৰ সকলোতকৈ ডাঙৰ সুবিধা হৈছে যিমান মন যায় সিমান একাউণ্ট খুলিব পাৰি৷ ইয়াৰোপৰি জয়েণ্ট একাউণ্ট খোলাৰ সুবিধাও আছে৷ গ্ৰাহকে বিচাৰিলে চিংগল একাউণ্টলৈ ট্ৰেন্সফাৰো কৰিব পাৰে৷
কোনোৱে যদি টাইম ডিপোজিট স্কিমত ৩৬ মাহ অৰ্থাৎ ৩ বছৰৰ ম্যাদত ৮লাখ টকা বিনিয়োগ কৰে তেন্তে মেচিউৰিটিত কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক টিডি কেলকুলেটৰৰ পৰা সহজেই এই গণনা কৰিব পাৰিব৷ ৩ বছৰৰ ম্যাদত সুদৰ হাৰ ৭.১শতাংশ৷ তেন্তে এই ম্যাদত ৮লাখ টকা বিনিয়োগ কৰিলে সুদসহ তেওঁ ৯,৮৮,০৬০ টকা ৰিটাৰ্ণ পাব৷ আৰু যদি একেই পৰিমাণ অৰ্থাৎ ৮লাখ টকা ৫বছৰৰ বাবে বিনিয়োগ কৰে তেন্তে তেওঁ ১১,৫৯,৯৫৮টকা ৰিটাৰ্ণ পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ