নিয়মিত বিনিয়োগ কৰিলে দীৰ্ঘম্যাদি মোটা ৰিটাৰ্ণ পোৱা যায়৷ এই কথা প্ৰকাশ কৰি আহিছে বিনিয়োগ বিশেষজ্ঞসকলে৷ বৰ্তমান বজাৰত বহুধৰণৰ বিনিয়োগ বিকল্প আছে৷ কিন্তু চৰকাৰী স্কিম, বণ্ড, বেংক ডিপোজিট স্কিমৰ দৰে বিনিয়োগৰ অৱশ্যে গেৰেণ্টিযুক্ত ৰিটাৰ্ণ পোৱা যায়৷

এইবাৰ বেংক ডিপজিট স্কিমৰ কথা যদি উঠে তেন্তে বেছিভাগ ব্যক্তিৰেই মূৰত আহে ফিক্সড ডিপোজিটৰ প্ৰসংগ৷ বৰ্তমান বেংকসমূহৰ ফিক্সড ডিপোজিটত বেছ ভাল হাৰত সুদ অফাৰ কৰিছে৷ এইবাৰ যদি চিনিয়ৰ চিটিজেনৰ কথা ধৰা হয় তেন্তে তেওঁলোকৰ সুদৰ হাৰ সাধাৰণ নাগৰিকৰ তুলনাত ফিক্সড ডিপোজিটত বেছি হয়৷ কোনোৱে বিচাৰিলে পৰিয়ালৰ প্ৰবীণ সদস্যৰ নামত ফিক্সড ডিপোজিট কৰিব পাৰে৷ বিভিন্ন বেংকে বিভিন্ন সুদৰ হাৰত এফ ডি স্কিম অফাৰ কৰে৷

কানাড়া বেংকৰ ফিক্সড ডিপোজিট স্কিমত ৩ বছৰৰ বাবে ৩ লাখ টকা ডিপোজিট কৰিলে কিমান টকা পোৱা যাব? কানাড়া বেংকে ৩ বছৰৰ ম্যাদত ফিক্সড ডিপোজিটৰ ক্ষেত্ৰত সাধাৰণ গ্ৰাহকক প্ৰতি বছৰে ৭.৪০শতাংশ সুদ অফাৰ কৰে৷ অন্যহাতে কানাড়া বেংকে ৩ বছৰৰ ম্যাদত চিনিয়ৰ চিটিজেনক প্ৰতি বছৰে ৭.৯০ শতাংশ সুদ অফাৰ কৰে৷

কানাড়া বেংকত ৩ বছৰৰ ম্যাদত ৩ লাখ টকাৰ এফ ডি কৰিলে সাধাৰণ নাগৰিকে মেচিউৰিটিৰ সময়ত পাব ৩,৭৩,৮১২ টকা৷ অৰ্থাৎ মেচিউৰিটিৰ সময়ত পোৱা ৩ লাখ টকাৰ ভিতৰত সুদ হিচাপে পাব ৭৯,৩৫৫টকা৷ ইয়াৰোপৰি কানাড়া বেংকে ৪৪৪ দিনৰ ম্যাদত এক ফিক্সড ডিপোজিটৰ সুবিধাও দিছে৷ ৪৪৪ দিনৰ ফিক্সড ডিপোজিটত সাধাৰণ নাগৰিকক সুদ দিয়া হ’ব ৭.২৫% শতাংশ৷ চিনিয়ৰ চিটিজেনৰ বাবে সুদৰ হাৰ ফিক্সড ডিপোজিটত সকলো সময়তেই বেছি৷ তেওঁলোকে ৪৪৪ দিনৰ ম্যাদত সুদ পাব ৭.৭৫শতাংশ৷