অ-হিন্দুসকলৰ প্ৰৱেশ নিষেধ৷ স্থানে স্থানে লগাই দিয়া হৈছে ছাইন বৰ্ড৷ ভাৰতীয় লোকৰ কাষত অত্যন্ত প্ৰিয় দৰ্শনীয় স্থান হৰিদ্বাৰ৷ প্ৰতিদিনে হাজাৰ হাজাৰ মানুহৰ সমাগম হয় সেই স্থানত৷ মূলত পৰ্যটন কেন্দ্ৰ হ’লেও এই স্থানৰ সৈতে জড়িত হৈ আছে হিন্দুৰ ধৰ্মীয় আৱেগ৷ হৰিদ্বাৰৰ হৰ কি পৌৰি ঘাট৷
হৰ কি পৌৰি মানে ভগৱানৰ পদক্ষেপ৷ পৌৰিৰ অৰ্থ ছিৰি৷ এই স্থানৰ সৈতে জড়িত হৈ আছে নানান বিশ্বাস৷ ৰজা বিক্ৰমাদিত্য আৰু তেওঁৰ ভৰ্তৃহৰিৰ স্মৰণত এই ঘাট তৈয়াৰ কৰিছিল বুলি জনা যায়৷ বিশ্বাস কৰা হয় যে সেই ব্ৰহ্মকুণ্ডতেই অমৰত্ব লাভৰ একমাত্ৰ উপায় আৰু অমৃতো তাতেই পৰিছিল৷ ইয়াত প্ৰতি সন্ধিয়া জ্বলোৱা হাজাৰ হাজাৰ চাকি৷ হয় নয়নাভিৰাম গংগা আৰতি৷ কুম্ভ মেলা, অৰ্ধ কুম্ভ, আৰু অইন কেইবাটাও ধৰ্মীয় অনুষ্ঠান৷
হিন্দু ধৰ্মৰ মানুহৰ আৱেগৰ সৈতে জড়িত থাকিলেও ইয়াত দেশ-বিদেশৰ পৰা অন্য ধৰ্মৰ মানুহো আহে৷ কিছু বেছ কিছুদিন ধৰি একাংশই বিচাৰিছিল উত্তৰাখণ্ডৰ হৰিদ্বাৰ কুম্ভ এলেকাক কেৱল হিন্দুসকলৰ এলেকা বুলি সীমাবদ্ধ কৰা হওক৷ এই ঘোষণা প্ৰশাসনিক স্তৰৰ পৰা কৰা নহলেও শুক্ৰবাৰে হৰ কি পৌৰিত অ-হিন্দু নিষিদ্ধ এলেকা লেখা চাইনবোৰ্ড লগোৱা হৈছে৷ ১৯১৬ চনৰ হৰিদ্বাৰ পৌৰিত আইন অনুসৰি হৰ কি পৌৰিৰ প্ৰধান স্নানঘাট আৰু আশেপাশেৰ এলেকা ইতিমধ্যেই অ-হিন্দুসকলৰ বাবে সীমাবদ্ধ৷
তিনিদিন পূৰ্বে এক ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই ছাইবৰ্ড লগোৱা হৈছে৷ কাৰণ হিচাপে জনোৱা হৈছে যে সেই ভাইৰেল ভিডিঅ’ত দেখা দুই যুৱকে আৰৱি পোছাক পিন্ধি সেই এলেকাত ঘূৰিছে৷ অৱশ্যে পাছত জানিব পৰা যাই যে দুই যুৱক হিন্দুৱেই আছিল৷ অৱশ্যে ছাইনবোৰ্ড সেই যুৱকৰ বাবে নহয় বুলি দাবী কৰিছে গংগা সভাৰ সভাপতিয়ে৷ তেওঁ কৈছে যে ১৯১৬ চনৰ হৰিদ্বাৰ পৌৰ আইন অনুসৰি হৰ কি পৌৰ এলেকাত অ-হিন্দুসকলৰ প্ৰৱেশ সম্পূৰ্ণ নিষিদ্ধ৷ এই ছাইনবোৰ্ড সেই আইন সম্পৰ্কে সকলোকে আকৌ এবাৰ জনাই দিয়াৰ বাবেহে লগোৱা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















