নিৰাপদ আৰু নিশ্চিত বিনিয়োগৰ কথা ক’লেই প্ৰথমেই মূৰত আহে ৰেকাৰিং ডিপ’জিটৰ কথা৷ ইয়াৰ সকলোতকৈ ডাঙৰ সুবিধা হৈছে একেলগে সমস্ত টকা জমা দিয়াৰ প্ৰয়োজন নাই৷ প্ৰত্যেক মাহত নিৰ্দিষ্ট পৰিমাণৰ ধন জমা কৰিলেই চলি যায়৷ আৰ ডিত বিনিয়োগৰ ক্ষেত্ৰত কোনো ভয় কৰাৰো প্ৰয়োজন নাই৷ সাধাৰণতে ৰেকাৰিং ডিপজিটৰ ম্যাদ ১২ মাহৰ পৰা ১০ বছৰ হ’ব পাৰে৷
ম্যাদ পূৰ্ণ হোৱাৰ পাছত সুদসহ মুঠ পৰিমাণৰ অৰ্থ সঞ্চয়কাৰীয়ে উঠাই ল’ব পাৰে৷ ইয়াত নেট বেংকিঙৰ মাধ্যমেৰে বা অনলাইনৰ মাধ্যমেৰেই ডিপজিট খোলাৰো সুযোগ দিছে বিভিন্ন বেংকে৷ আৰ ডি বা ৰেকাৰিং ডিপজিটত সুদ লাভ কৰে চক্ৰবৃদ্ধি হাৰত৷ বজাৰৰ ওঠানমাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই৷ সেয়ে ম্যাদ শেষ হ’লেই নিশ্চিত ৰিটাৰ্ণ আপুনি পাবই৷ সেয়ে মধ্যবিত্ত ভাৰতীয়ৰ বাবে ৰেকাৰিং ডিপজিট স্কিম অত্যন্ত জনপ্ৰিয়৷
পষ্ট অফিচৰ ওপৰিও দেশৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বেংকে ৰেকাৰিং ডিপজিট একাউণ্ট খোলাৰ সুবিধা দিছে৷ বিভিন্ন বেংকৰ সুদৰ হাৰ অৱশ্যে পৃথক পৃথক৷ কিমান বছৰৰ ম্যাদত ৰেকাৰিং ডিপজিট কৰা হৈছে তাৰ ওপৰত সুদৰ হাৰ নিৰ্ভৰ কৰে৷ প্ৰবীণ নাগৰিকৰ ক্ষেত্ৰত সুদৰ হাৰ সামান্য বেছি৷
জানি থওক HDFC বেংকৰ ৰেকাৰিং ডিপজিট স্কিমত প্ৰতি মাহত ৫০০০ টকা জমা কৰিলে ৬০ মাহত কিমান টকা পাব পাৰে? HDFC বেংকে ৬০ মাহৰ ৰেকাৰিং ডিপোজিটৰ ক্ষেত্ৰত সাধাৰণ গ্ৰাহকসকলৰ প্ৰতি বছৰে ৭শতাংশ হাৰত সুদ অফাৰ কৰিছে৷ HDFC বেংকে মাহৰ ৰেকাৰিং ডিপজিটৰ ক্ষেত্ৰত ছিনিয়ৰ চিটিজেনক প্ৰতি বছৰে ৭.৫০ শতাংশ হাৰত সুদ অফাৰ কৰিছে৷
অৰ্থাৎ সাধাৰণ গ্ৰাহকে যদি HDFC বেংকৰ ৬০ মাহৰ ৰেকাৰিং ডিপোজিটত প্ৰতি মাহে ৫০০০ টকা জমা কৰে তেন্তে মেচিউৰিটিৰ সময়ত তেওঁলোকে লাভ কৰিব ৩,৫৯,৬৬৭ টকা৷ একেদৰে ছিনিয়ৰ চিটিজেনে যদি HDFC বেংকৰ ৬০ মাহৰ ৰেকাৰিং ডিপজিটত প্ৰতি মাহে ৫০০০ টকা জমা কৰে তেন্তে মেচিউৰিটিৰ সময়ত তেওঁলোকে ৩,৬৪,৪৪৮ টকা পাব পাৰে৷ HDFC বেংক দেশৰ সকলোতকৈ ডাঙৰ প্ৰাইভেট বেংক৷ এই বেংকৰ ৰেকাৰিং ডিপোজিট গ্ৰাহকসকলক বাবে খুবেই জনপ্ৰিয়৷
HDFC বেংকৰ ৬০ মাহৰ ৰেকাৰিং ডিপোজিট প্ৰতি মাহত ৫০০০ টকা জমা কৰিলে সাধাৰণ গ্ৰাহকক মেচিউৰিটিৰ সময়ত সুদ হিচাপে পাব পাৰে মুঠ ৫৯,৬৬৭টকা পাব৷ HDFC বেংকৰ ৬০ মাহৰ ৰেকাৰিং ডিপজিটত প্ৰতি মাহে ৫০০০ টকা জমা কৰি ছিনিয়ৰ চিটিজেনে মেচিউৰিটিৰ সময়ত সুদ হিচাপে পাব পাৰে মুঠ ৬৪,৪৪৮ টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ