ভুলতো এই কেইবিধ পাচলি ফ্ৰীজত নাৰাখিব, খাদ্যৰ সলনি হৈ পৰিব অখাদ্য
যদি আপুনি ফ্ৰীজত শাক-পাচলি সংৰক্ষণ কৰে তেন্তে সাৱধান হওক! বহুতো শাক-পাচলি ঠাণ্ডা উষ্ণতাত পুষ্টিকৰ উপাদান হেৰুৱাই সোনকালে নষ্ট হয়। খাদ্যৰ সলনি ই হৈ পৰে অখাদ্য, বিভিন্ন ৰোগৰ কাৰক।
বিলাহী ফ্ৰীজত ৰাখিলে ইয়াৰ সোৱাদ আৰু টেক্সচাৰ নষ্ট হয়। ঠাণ্ডা উষ্ণতাৰ ফলত বিলাহীৰ কোষবোৰ ভাঙি যায়, যাৰ ফলত ই কঠিন আৰু ৰুচিহীন হৈ পৰে আৰু ইয়াত থকা এন্টিঅক্সিডেন্টবোৰো ধ্বংস হৈ পাৰে।
আলু ফ্ৰীজত ৰাখিলে ইয়াৰ ষ্টাৰচ চেনিলৈ পৰিণত হয়, যাৰ ফলত ইয়াৰ সোৱাদ মিঠা আৰু টেক্সচাৰ দানাদাৰ হৈ পৰে। ইয়াৰ ফলত আলুৰ সোৱাদত প্ৰভাৱ পৰাই নহয়, আলুৰ পুষ্টিকৰ উপাদানো হ্ৰাস পায়।
ফ্ৰীজত পিঁয়াজ ৰাখিলে সোনকালে কোমল হৈ পচি যায়। এটা পচা পিঁয়াজে অতি সোনকালেই আন ভাল পিঁয়াজকো সংক্ৰমণ কৰাই বেয়া কৰি দিয়ে।
নহৰু ফ্ৰীজত ৰাখিলে ইয়াৰ সুগন্ধি আৰু সোৱাদ দুয়োটাই হেৰুৱাই পেলায়, লগতে ইয়াৰ অংকুৰণ সোনকালে হয়।
তিয়ঁহ ফ্ৰীজত ৰাখিলে ইয়াৰ বাকলিত পানী জমা হয়, যাৰ বাবে ই সোনকালে নষ্ট হয়। ঠাণ্ডা উষ্ণতাই তিয়ঁহৰ টেক্সচাৰ কোমল কৰি তোলে, যাৰ ফলত ইয়াৰ সতেজতা হেৰুৱাই পেলায়।
কিছুমান সেউজীয়া শাক-পাচলি ঠাণ্ডাৰ প্ৰতি সংবেদনশীল, যাৰ ফলত ফ্ৰীজত ৰখাৰ সময়ত ইয়াৰ প্ৰাকৃতিক সোৱাদ, টেক্সচাৰ আৰু পুষ্টিকৰ উপাদান হেৰাই যাব পাৰে। ফ্ৰীজত থকা আৰ্দ্ৰতাৰ বাবে পিঁয়াজ, নহৰু, অন্যান্য শাক-পাচলি নষ্ট হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ