কচু অসমীয়াৰ বাবে চিনাকী আৰু অতিকৈ জনপ্ৰিয় খাদ্যও৷ পুষ্টিগুণেৰে ভৰপুৰ এই খাদ্য শৰীৰৰ বাবেও নানানভাৱে উপকাৰী৷ বিশেষজ্ঞৰ মতে নিয়মিত পৰিমাণমতে কচু খালে পাব একাধিক স্বাস্থ্য সুবিধা৷
১. ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত সহায়ক কচুত থকা ফাইবাৰ আৰু পুষ্টি উপাদানে তেজত গ্লুকজৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে৷ টাইপ-২ ডায়বেটিছত আক্ৰান্তসকলৰ বাবে ই উপকাৰী হ’ব পাৰে৷
২. হৃদস্বাস্থ্য ভালে ৰাখে এই পাচলিয়ে৷ এই পাচলিত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে আৰু হৃদৰোগৰ আশংকা কমোৱাতো ভূমিকা ৰাখে৷
৩. হজমশক্তি উন্নত কৰে৷ কচুত প্ৰচুৰ পৰিমাণে ডায়েটৰি ফাইবাৰ আছে৷ যিয়ে হজম ভাল ৰখাত আৰু কোষ্ঠকাঠিন্যৰ সমস্যা কমোৱাত সহায় কৰে৷
৪. ওজন কমোৱাত সহায় কৰে৷ দীৰ্ঘক্ষণ পেট ভৰাই ৰখাৰ ক্ষমতা থকাৰ বাবে অতিৰিক্ত খোৱাৰ প্ৰৱণতা কমি যায়৷ ফলত ওজন নিয়ন্ত্ৰমত ৰাখিবলৈ ই কাৰ্যকৰ হ’ব পাৰে৷
৫. ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ ভিটামিন এ আৰু চি সমৃদ্ধ কচুৱে শৰীৰৰ ইমিউন চিষ্টেমক শক্তিশালী কৰাত সহায় কৰে৷
৬. এণ্টিঅক্সিডেণ্টেৰে ভৰপুৰ কচু৷
৭. কেনচাৰৰ আশংকা কমাব পাৰে৷ বিশেষজ্ঞৰ মতে এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন সমৃদ্ধ হোৱা কচুৱে শৰীৰত কোষৰ ক্ষতি কমোৱাত সহায় কৰে আৰু কিছু ক্ষেত্ৰত কৰ্কটৰ আশংকা হ্ৰাস কৰাত ভূমিকা ৰাখিব পাৰে৷ ভিটামিন এ সমৃদ্ধ হোৱাত কচুৱে চকুৰ দৃষ্টিশক্তি ভালে ৰখাত সহায় কৰে আৰু চকুৰ বিভিন্ন সমস্যা প্ৰতিৰোধত সহায়ক হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ