• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতলৈ ক’ৰ পৰা আহে সোণ, প্ৰতিদিনে কিমান টকাৰ সোণ ক্ৰয় বিক্ৰয় হয় ভাৰতত? দেশৰ ওপৰত কিয় বোজা হৈ উঠিছে সোণ?

ভাৰতলৈ ক’ৰ পৰা আহে সোণ, প্ৰতিদিনে কিমান টকাৰ সোণ ক্ৰয় বিক্ৰয় হয় ভাৰতত? দেশৰ ওপৰত কিয় বোজা হৈ উঠিছে সোণ?

5 months ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

51 minutes ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

1 hour ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

10 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

11 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

11 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

12 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

12 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

13 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

13 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

14 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

14 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতলৈ ক’ৰ পৰা আহে সোণ, প্ৰতিদিনে কিমান টকাৰ সোণ ক্ৰয় বিক্ৰয় হয় ভাৰতত? দেশৰ ওপৰত কিয় বোজা হৈ উঠিছে সোণ?

ভাৰতলৈ ক’ৰ পৰা আহে সোণ, প্ৰতিদিনে কিমান টকাৰ সোণ ক্ৰয় বিক্ৰয় হয় ভাৰতত? দেশৰ ওপৰত কিয় বোজা হৈ উঠিছে সোণ?

editor by editor
May 11, 2026
in জীৱনশৈলী
0
ভাৰতলৈ ক’ৰ পৰা আহে সোণ, প্ৰতিদিনে কিমান টকাৰ সোণ ক্ৰয় বিক্ৰয় হয় ভাৰতত? দেশৰ ওপৰত কিয় বোজা হৈ উঠিছে সোণ?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক এবছৰৰ বাবে সোণ ক্ৰয় নকৰিবলৈ অনুৰোধ জনাইছে৷ তেওঁ কৈছে, জাতীয় স্বাৰ্থত বৈদেশিক মুদ্ৰা বচোৱাটো জৰুৰী৷ এনে কৰিলে আৰ্থিক আত্মনিৰ্ভৰতা বাঢ়িব৷ প্ৰধানমন্ত্ৰী মোদীৰ এই আবেদনৰ আঁৰত আছে পশ্চিম এছিয়াত চলি থকা যুদ্ধ৷ ইৰাণ আমেৰিকাৰ ভিতৰত টনা আঁজোৰা দূৰ হোৱা নাই, হৰমুজক লৈয়ো আলোচনা অব্যাহত আছে৷ এই পৰিস্থিতিত প্ৰধানমন্ত্ৰীৰ এই আবেদনে আলোড়ন বঢ়াই দিছে৷ কাৰণ ভাৰত বিশ্বৰ ভিতৰতে চীনৰ পাছত সোণৰ দ্বিতীয় বৃহত্তম ক্ৰেতা৷
ভাৰতত বিয়াই হওক, উৎসৱ হওক, বিনিয়োগ হওক বা সুখৰ অন্য কোনো উপলক্ষ্য হওক সকলোতকৈ আগত মানুহে সোণেই ক্ৰয় কৰে৷ ঘৰুৱা উৎপাদন কম হোৱাৰ কাৰণে ভাৰতত সোণ প্ৰায় সম্পূৰ্ণৰূপে আমদানি কৰে৷ এই আমদানি দেশৰ অৰ্থনীতিৰ বাবে বৃহৎ চেলেঞ্জ হৈ থিয় দিছে৷ প্ৰতিবছৰে দেশৰ কোটি কোটি ডলাৰ বিদেশত পঠিওৱা হয়৷ ইয়াৰ ফলত দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ কমি যায় আৰু ৰুপিৰ টকাৰ ওপৰত চাপ বাঢ়ে৷ পৃথিৱীত সোণ কিনাৰ ক্ষেত্ৰত ভাৰত আগুৱাই আছে৷ প্ৰতি বছৰে দেশৰ মানুহে ৭০০ৰ পৰা ৮০০ টন সোণ ক্ৰয় কৰে৷ কিন্তু আমাৰ দেশত সোণ উৎপাদন হয় মাত্ৰ ২টন৷ অৰ্থাৎ প্ৰয়োজনৰ ৯০ শতাংশ সোণ তেওঁলোকে বিদেশৰ পৰা আমদানি কৰিব লাগে৷ ইমান সোণ আমদানি কৰিলেও তাৰ প্ৰভাৱ কিন্তু দেশৰ শিল্পোৎপাদনত পৰা নাই৷ ওলোটাই সোণ আমদানি কৰিবলৈ গৈ প্ৰচুৰ পৰিমাণে বৈদেশিক মুদ্ৰা খৰচহে হয়৷
ভাৰতত ক’ৰ পৰা আহে সোণ?
ভাৰতত প্ৰতি বছৰে সোণৰ খৰচ প্ৰায় ৮০০ৰ পৰা ৯০০ টন হয়, তাৰ তুলনাত এতিয়া সোণৰ খনন খুবেই কম হয়৷ সেয়ে নিজৰ প্ৰয়োজনৰ প্ৰায় সম্পূৰ্ণ অংশই ভাৰতে আমদানি কৰিব লাগে৷ ইয়াৰ সকলোতকৈ ডাঙৰ অংশ ভাৰতে ছুইজাৰলেণ্ডৰ পৰা আনে৷ যি প্ৰায় ৪০শতাংশ৷ ইয়াৰে ১৬৬ শতাংশ সোণ সংযুক্ত আৰৱ আমিৰশাহী আৰু ১০ শতাংশ দক্ষিণ আফ্ৰিকাৰ পৰা আহে৷ ৮শতাংশ পেৰুৰ পৰা আৰু বাকী ২৬ শতাংশ সোণ হংকং আৰু অন্যান্য দেশৰ পৰা আহে৷
World Gold Council-ৰ ৰিপৰ্ট অনুসৰি ভাৰতে প্ৰতিদিনে প্ৰায় ২.২ টন সোণ ক্ৰয় কৰে৷ মানে ২০০০ ৰ পৰা ২২০০ কোটি টকাৰ ক্ৰয়বিক্ৰয় হয়৷ ইয়াৰ মাজত বেছি অংশ জুৱেলাৰিৰেই৷ World Gold Council-ৰ ২০২৪ চনৰ ৰিপৰ্ট অনুসৰি এই বছৰ সোণৰ মুঠ আমদানি ৭২৪ টন হৈছিল৷ ইয়াৰ মাজত ৫৬৩ টন সোণ জুৱেলাৰিৰ ৰূপেৰে বিক্ৰি হৈছিল আৰু বাকী সোণ বিস্কুট আৰু কয়েন হিচাপে বিক্ৰি হৈছিল৷ প্ৰকৃততে ভাৰতত সোণত সকলোতকৈ বেছি খৰচ হয় বিবাহত৷ ভাৰতত প্ৰতি বছৰে প্ৰায় ১ কোটি বিবাহ হয়৷ একোখন বিবাহৰ বাজেটৰ ২০ৰ পৰা ৩০ শতাংশ পৰ্যন্ত সোণৰ ওপৰতেই খৰচ হয়৷ ইয়াৰোপৰি গাওঁত আজিও সোণক বিনিয়োগৰ বাবে সকলোতকৈ ভাল বুলি ধাৰণা কৰা হয়৷ অক্ষয় তৃতীয়া আৰু দীপাৱলিৰ দৰে উৎসৱত সোণ কিনা শুভ বুলি ধাৰণা কৰা হয়৷

দেশৰ ওপৰত কিয় বোজা হৈ উঠিছে সোণ?

ভাৰতে বিদেশৰ পৰা পূৰ্বৰ তুলনাত বেছি দামত আৰু বেছি পৰিমাণত সোণ কিনিবলগীয়া হৈছে৷ আৰ্থিক বছৰ ২০২৫-২০২৬ত এপ্ৰিলৰ পৰা ফেব্ৰুৱাৰী পৰ্যন্ত ভাৰতত প্ৰায় ৬৯ বিলিয়ন ডলাৰৰ সোণ আমদানি কৰিছে৷ প্ৰায় ৬লাখ কোটি টকাৰ সোণ৷ য’ত ইয়াৰ এবছৰ পূৰ্বে এই সময়ত ভাৰতে ৫৩.৫ বিলিয়ন ডলাৰৰ সোণ আমদানি কৰিছে৷ মানে এবছৰৰ সোণ আমদানিতেই দেশৰ খৰচ প্ৰায় ২৯শতাংশ বাঢ়ি গৈছে৷ আন্তৰ্জাতিক বজাৰত সোণৰ দাম বঢ়াৰ কাৰণে ভাৰতে বহু বেছি বৈদেশিক মুদ্ৰা খৰচ কৰিবলগীয়া হৈছে৷ এই টকা ভাৰতে তেওঁলোকৰ ফৰেন কাৰেন্সি ৰিজাৰ্ভৰ পৰাই দিয়ে৷ ইয়াত ৰুপিৰ ওপৰত চাপ বাঢ়ে আৰু ৰুপি দুৰ্বল হৈ গৈ থাকে৷ ইয়াৰোপৰি সোণৰ বেছি আমদানিৰ কাৰণে ভাৰতে ট্ৰেড ডেফিচিটো চম্ভালিবলগীয়া হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ
জীৱনশৈলী

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

October 7, 2026
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব
জীৱনশৈলী

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

October 6, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

October 6, 2026
Next Post
মঙ্গলবাৰে মঙ্গলাদিত্য যোগ, ভগৱান হনুমানৰ কৃপা বৰ্ষিব এই ৫ৰাশিত, লাকী ৰাশিৰ তালিকাত আপুনি আছেনে?

মঙ্গলবাৰে মঙ্গলাদিত্য যোগ, ভগৱান হনুমানৰ কৃপা বৰ্ষিব এই ৫ৰাশিত, লাকী ৰাশিৰ তালিকাত আপুনি আছেনে?

মৰম কি এনেকুৱাই… যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কয়দীৰ সৈতে জে’লৰ সহকাৰী ছুপাৰিণ্টেন্ডেন্টৰ বিবাহ, দুইয়ো ভিন্ন ধৰ্মী, এই বিবাহ, কেনেকৈ সম্ভৱ হৈ উঠিল?

মৰম কি এনেকুৱাই... যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কয়দীৰ সৈতে জে’লৰ সহকাৰী ছুপাৰিণ্টেন্ডেন্টৰ বিবাহ, দুইয়ো ভিন্ন ধৰ্মী, এই বিবাহ, কেনেকৈ সম্ভৱ হৈ উঠিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.