১৪৯দিন আৰু ৩৫৭৬ ঘণ্টা জেলত থকাৰ পাছত মুকলি আকাশৰ তললৈ সোৰেণ, পুনৰ মুখ্যমন্ত্ৰী হ’বনে !
১৪৯ দিন আৰু ৩৫৭৬ ঘণ্টা কাৰাগাৰত থকাৰ পাছত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেণে জামিন লাভ কৰে। সোৰেণৰ জামিনৰ খবৰ অহাৰ লগে লগে ঝাৰখণ্ড মুক্তি মোৰ্চা (JMM)ৰ কৰ্মীসকলৰ মাজত সুখৰ জোৱাৰ উঠে, আনহাতে হেমন্ত সোৰেণে পুনৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’ব নেকি বুলিও জল্পনা-কল্পনাৰ সৃষ্টি হৈছে ।
ইডিয়ে চলিত বৰ্ষৰ ৩১ জানুৱাৰীৰ নিশা ভূমি কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীক। তেতিয়াৰ পৰাই ৰাঁচীৰ বীৰছা মুণ্ডা কেন্দ্ৰীয় কাৰাগাৰত ন্যায়িক জিম্মাত ৰখা হৈছিল সোৰেণক। দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাৰ জামিনৰ পাছতে সোৰেণৰো জামিন সন্দৰ্ভত বহু প্ৰশ্ন উত্থাপন হৈছিল।
ঝাৰখণ্ড মুক্তি মোৰ্চাৰ ৰাজ্যসভাৰ সাংসদ মহুৱা মাজীয়ে অৱশ্যে এই জল্পনা-কল্পনাৰ সন্দৰ্ভত কয় যে হেমন্ত সোৰেণ পুনৰ মুখ্যমন্ত্ৰী হ’ব নে নহ’ব, সেয়া দলীয় বৈঠকতে সিদ্ধান্ত লোৱা হ’ব। বৰ্তমান সময়ত দলীয় কৰ্মী আৰু ৰাজ্যবাসীৰ মাজত সুখৰ জোৱাৰ উঠিছে।
মাহুৱা মাজীয়ে হেমন্ত সোৰেণ পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ প্ৰশ্নক লৈ কয় যে, এই সন্দৰ্ভত দলে সিদ্ধান্ত ল’ব। মই কোনো সিদ্ধান্ত ল’ব নোৱাৰো। দলে যি সিদ্ধান্ত লয় মই সমৰ্থন কৰিম।” মাহুৱাই লগতে ইয়াকো কয় যে, “হেমন্ত জীৰ মুক্তিৰ বাবে আমাৰ কৰ্মী আৰু ঝাৰখণ্ডৰ ৰাইজৰ মাজত সুখৰ জোৱাৰ উঠিছে।
সদ্যহতে হৈ যোৱা লোকসভা নিৰ্বাচনৰ সময়ত হেমন্ত সোৰেণ কাৰাগাৰত আছিল যদিও তেওঁৰ দৃষ্টি ৰাজ্যৰ কাৰ্যকলাপৰ ওপৰত আছিল। একে সময়তে ফলাফল অহাৰ পিছত পত্নী কল্পনা সোৰেণ আৰু চম্পাই সোৰেণে জেললৈ গৈ তেওঁক লগ কৰি তাৰ পিছত নিৰ্বাচনৰ ফলাফলৰ কথা পাতিলে।
একে সময়তে স্বামীৰ হৈ কল্পনাই জেএমএমৰ কেডাৰত আস্থা জগাই তুলিবলৈ চেষ্টা কৰি নিজেই গাণ্ডেয়া বিধানসভা আসনৰ পৰা নিৰ্বাচনত জয়ী হয়। দলৰ এজন ডাঙৰ নেতা হোৱাৰ বাবে তেওঁৰ সমৰ্থকসকলে তেওঁক পুনৰ মুখ্যমন্ত্ৰী পদত চাব বিচাৰে যদিও কাৰ্যতঃ সেয়া সম্ভৱ যেন নালাগে।
চলিত বৰ্ষৰ নৱেম্বৰ-ডিচেম্বৰ মাহত ঝাৰখণ্ডত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ইয়াৰ অধিসূচনাও এমাহ পূৰ্বে জাৰি হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত তেওঁ তিনিমাহৰ বাবে মুখ্যমন্ত্ৰী হ’ব বুলি ক’ব নোৱাৰি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ