কংগ্ৰেছীসকল মাতৃ গৰ্ভৰ পৰা জন্ম হৈছেনে মই নাজানো।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছীক উদ্দেশ্যি কৈছে এই কথা।
মুখ্যমন্ত্ৰীয়ে লগতে কয়-
মই মাৰ পেটৰ পৰা জন্ম হৈছো, সেয়ে মাতৃসকলৰ বাবে কাম কৰিছো।
মাতৃসকলক আমি টকা দিয়া নাই, মাতৃসকলক আমি সন্মানহে দিছো।
মাক সহায় কৰাটো কেতিয়াও অপৰাধ নহয়।
মাতৃসকলক মই সদায়ে সন্মান কৰি যাম, কাৰণ মাৰ বাবেই আমি পৃথিৱী দেখিছো।
কংগ্ৰেছে যিমানেই সমালোচনা কৰিব সিমানেই মই অৰুণোদয় দিম।
মোক সমালোচনা কৰক কিন্তু অৰুণোদয়ক সমালোচনা নকৰিব।
সুঁতাৰ কাৰণে মাতৃসকলক মিটিঙলৈ আনিছিল কংগ্ৰেছে।
আমি বেংকত পোনপটীয়াকৈ ধন দিছো। কোনেও হাহাকাৰ কৰিব নালাগে।
অহাবাৰ জিকাই দিলে মই মিঠাতেলো ফ্ৰি দিম।
অৰুণোদয় পাবলৈ কোনেও কোনো ৰাজনৈতিক মিটিঙলৈ যাব নালাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















