অসম লাইভ ২৪ঃ সমগ্ৰ দেশৰ লগতে অসমতো ভয়াৱহ হাৰত বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা। ৰাজ্যৰ ভয়াৱহ কোভিড পৰিস্থিতিৰ মাজতে ১১ মে’ৰ পৰা অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এক গুৰুত্বপূৰ্ণ ঘোষণা। ক’ৰোনাৰ বাবে মেট্ৰিক পৰীক্ষা পিছুৱাই দিয়া হ’ব নেকি বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ বিহুৰ পাছত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে। ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতি পৰ্যালোচনা কৰি hslc আৰু hs পৰীক্ষা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি উল্লেখ কৰে ডঃ শৰ্মাই। লগতে অসমত আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলিও উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য, দেশৰ ভয়াৱহ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হৈছে cbseৰ দশম শ্ৰেণীৰ পৰীক্ষা আৰু স্থগিত ৰখা হৈছে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ