উত্তৰাখণ্ডৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত ষ্টাৰ কেম্পেইনাৰ হিচাপে থাকিব অসমৰ মুখ্যমন্ত্ৰী৷ আজি উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ প্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব উত্তৰ ভাৰতত৷ ডেৰাডুনত গৈ ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱাৰ লগতে এক জনসভাত অংশগ্ৰহণ কৰিব৷ এদিনীয়া ভ্ৰমণসূচীৰে পুৱা ৯ বজাত উত্তৰাখণ্ডলৈ ৰাওনা হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ