মহানগৰ আৰক্ষীৰ জালত নকল সোণৰ ব্যৱসায়ী৷ দিছপুৰৰ মানবেন্দ্ৰ কমপ্লেক্স সমীপৰ পৰা গ্ৰেপ্তাৰ ফৰিদুল ইছলাম নামৰ লোকজন৷ লখিমপুৰৰ নাওবৈচাৰ পৰা নকল সোণ বিক্ৰীৰ বাবে আহিছিল গুৱাহাটীলৈ৷ গোসাঁইগাওঁৰ আজিজুৰ ৰহমান আৰু চাজন শেইখ নামৰ দুজনক প্ৰলোভন দি বিক্ৰী কৰিব বিচাৰিছিল নকল সোণখিনি৷ ৪০ হাজাৰ টকা আৰু দুটা ম’বাইলৰ বিনিময়ত বিক্ৰীৰ বন্দোৱস্তি কৰিছিল চক্ৰটোৱে৷ লাষ্টগেটৰ এখন হোটেলত বিক্ৰীৰ যো-জা কৰোতেই স্থানীয় লোকৰ সহযোগত দিছপুৰ আৰক্ষীৰ 112 শাখাই গ্ৰেপ্তাৰ কৰে ফৰিদুলক৷ নকল সোণৰ ব্যৱসায়ৰ সৈতে জড়িত বাদশ্বাহ নামৰ এজন বৰ্তমানেও পলাতক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ