দিল্লীৰ কুটুব মিনাৰৰ নাম সলনিৰ দাবী জনাইছে কে’বাটাও হিন্দুত্ববাদী সংগঠনে৷ UNESCএ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদান কৰা কুটুব মিনাৰৰ নাম সলনিৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে মাহাকাল মানৱ সেৱাসহ কে’বাটাও হিন্দুত্ববাদী সংগঠনে৷
সোঁপন্থী হিন্দুত্ববাদী সংগঠনকেইটাই প্ৰতিবাদ সাব্যস্ত কৰি কয় যে দিল্লীৰ কুটুব মিনাৰক ‘বিষ্ণু স্তম্ভ’ বুলি নামাংকিত কৰিব লাগে৷
কুটুব মিনাৰৰ সন্মুখত প্ৰতিবাদ কৰা প্ৰতিবাদীসকলে লগতে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে কুটুব মিনাৰ ওচৰতে হনুমান হালিছাও পাঠ কৰে৷
লগতে পঢ়ক কে’বা নিযুত পূৰ্বৰ বৃহদাকাৰ ছাৰ্কৰ দাঁত আৱিষ্কাৰ এটি ৬ বছৰীয়া শিশুৰ
ইফালে দিল্লী বিজেপিয়ে ৰাজধানী চহৰখনৰ কে’বাটাও পথৰ নাম সলনি কৰিবলৈও দাবী জনাইছে৷ দিল্লী বিজেপিয়ে মোগল সাম্ৰাজ্যৰ সম্ৰাটসকলে দি যোৱা আকবৰ ৰোড, হুমায়ুন ৰোড, ঔৰংগজেৱ লেন আৰু টোগলক লেনৰ নাম সলনি কৰিবলৈ দাবী কৰিছে৷
দিল্লী পৌৰ নিগমৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা পত্ৰত দিল্লী বিজেপিৰ অধ্যক্ষ আদেশ গুপ্তাই কয় যে উক্ত পথ আৰু লেনকেইটাৰ নাম সলনি কৰি ক্ৰমে মহাৰাণা প্ৰতাপ, গুৰু গোবিন্দ সিং, মহৰ্ষি বাল্মিকী আৰু জেনেৰেল বিপিন ৰাৱাটৰ নামেৰে নামাংকিত কৰিব লাগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ