কিমান ওখ হ’ব পাৰে এজোপা অমিতা গছ! সাধাৰণতে ১৬ৰ পৰা ৩৩ ফুট ওখ হয় অমিতা গছ৷ অৰ্থাৎ ৫ৰ পৰা ১০ মিটাৰ৷
কিন্তু আপুনি জানি আচৰিত হ’ব যে এজোপা অমিতা গছে এই উচ্চতাক হেলাৰঙে পাৰ কৰি প্ৰায় ৪৮ ফুট ওখ হৈছে৷
ইতিমধ্যে এই অমিতা গছ জোপাই উচ্চতাৰ ক্ষেত্ৰত বিশ্ব অভিলেখ সৃষ্টি কৰিছে৷ ৱৰ্ল্ড গিণিজ ৰে’কৰ্ডটো অন্তভুৰ্ক্ত হৈছে এই অমিতা গছ জোপাই৷
এতিয়া প্ৰশ্ন হ’ল ক’ত আছে এই অতিমা গছ জোপা?
লগতে পঢ়ক বিদ্যুতৰ মহিমা! বিয়া মণ্ডপত লাগিল অথন্তৰ; আন্ধাৰতে চাৰি কইনা-দৰাৰ সাল সলনি
৪৭ ফুট ৮.৮৩ ইঞ্চিৰ এই অমিতা গছজোপা আছে দক্ষিণ আমেৰিকাৰ দেশ ব্ৰাজিলত৷ টাৰকিছিঅ’ ফ’ল্টাজ নামৰ লোকজনে ৰোপণ কৰা এই অমিতা জোপাই ২০২১ চনৰ পৰাই লহপহকৈ বাঢ়ি গৈ বিশ্ব অভিলেখ গঢ়িছে৷
ফ’ল্টাজে তেওঁৰ বন্ধুবৰ্গক অমিতা জোপাৰ উচ্চতা জুখিবলৈ দায়িত্ব দিয়ে৷ তেওঁৰ বন্ধুবৰ্গই ড্ৰোণ ব্যৱহাৰ কৰি অমিতা জোপাৰ উচ্চতা জোখে আৰু ইয়াৰ উচ্চতা ৪৭ ফুট ৮.৮৩ ইঞ্চি বুলি নিশ্চিত হয়৷
ইয়াৰ পিছতে বিশেষজ্ঞ দলক নিমন্ত্ৰণ কৰি অমিতা গছ জোপাৰ উচ্চতা জোখা হয়৷ তেতিয়াও অমিতা জোপাৰ উচ্চতা ৪৭ ফুট ৮.৮৩ ইঞ্চিয়ে পোৱা যায়৷
লগতে পঢ়ক কে’বা নিযুত পূৰ্বৰ বৃহদাকাৰ ছাৰ্কৰ দাঁত আৱিষ্কাৰ এটি ৬ বছৰীয়া শিশুৰ
উল্লেখ্য যে ইয়াৰ পূৰ্বে গিণিছ ৱৰ্ল্ড ৰেক’ৰ্ডত অন্তৰ্ভুক্ত হোৱাৰ সৰ্বোচ্চ অমিতা গছ জোপাৰ উচ্চতা আছিল ৪৬ ফুট ২.৩৩ ইঞ্চি৷ আৰু এই অভিলেখৰ গৰাকী আছিল ভাৰতৰ ঝাণ্টু পাল৷
ইফালে এই অভিলেখৰ গৰাকী হৈ ফ’ল্টাজ অতি সুখী বুলি প্ৰকাশ কৰিছে৷ ‘‘গিণিছ ৱৰ্ল্ড ৰেক’ৰ্ডছত স্থান লাভ কৰা আৰু ইয়াৰ প্ৰমাণ পত্ৰ লাভ কৰাতো সঁচাই শ্ৰেষ্ঠতম সাফল্য৷ ইয়ে মোক সন্মানিত কৰিছে৷ সমগ্ৰ বিশ্বতে এই অভিলেখৰ গৰাকী হৈ মই অতি সুখী আৰু গৌৰৱ অনুভৱ কৰিছো৷’’ ফ’ল্টাজে কয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ