যি সময়ত বৈবাহিক ধৰ্ষণৰ অপৰাধকৰণ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ আছে সেই সময়তে ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপ-৫ (২০১৯-২১)ৰ এক সমীক্ষাই প্ৰকাশ কৰিছে যে পুৰুষৰ এটা বৃহৎ অংশই বিশ্বাস কৰে যে এগৰাকী মহিলাই তেওঁৰ স্বামীৰে যৌন সম্পৰ্ক অস্বীকাৰ কৰাটো যুক্তিসঙ্গত কিছুমান কাৰণ থাকে।
সমীক্ষাটো দেখা গৈছে ৮০ শতাংশ মহিলাই বিশ্বাস কৰে যে তেওঁলোকৰ স্বামীৰে যৌন সম্পৰ্ক অস্বীকাৰ কৰাটোত প্ৰধানতঃ তিনিটা ন্যায়সংগত কাৰক থাকে৷ এই ন্যায়সঙ্গত কাৰক কেইটা হৈছে ক্ৰমে— যদি স্বামীৰ যৌন সংক্ৰমিত ৰোগ আছে, স্বামীয়ে আন মহিলাৰ সৈতে যৌন সম্ভোগ কৰে আৰু বা মহিলা গৰাকী ভাগৰুৱা বা সম্ভোগ কৰিবলৈ মানসিক বা শাৰীৰিকভাৱে প্ৰস্তুত নহ’ব পাৰে৷ আৰু এই কাৰকবোৰৰ সৈতে ৬৬ শতাংশ পুৰুষেও সহমত প্ৰকাশ কৰে বুলিও কোৱা হৈছে৷
অৱশ্যে, এই তিনিটা কাৰকৰ যিকোনো এটা কাৰকৰ সৈতে সহমত প্ৰকাশ নকৰা পুৰুষ মহিলাও আছে আৰু ইয়াৰ সংখ্যা হৈছে ক্ৰমে ১০% আৰু ৮%৷
লগতে পঢ়ক ৪৮ ফুট উচ্চতাৰ অমিতা গছ! ভাৰতৰ পৰা কাঢ়ি নিলে গিণিজ ৱৰ্ল্ড ৰে’কৰ্ড
ইফালে ‘স্বামীৰ সৈতে সুৰক্ষিত যৌন সম্পৰ্ক আলোচনাৰ প্ৰতি মনোভাৱ’ সম্পৰ্কীয় জৰীপত ‘সন্মতি’ বিষয়টোক লিংগ সমতাৰ এক সক্ষম কাৰক হিচাপে গুৰুত্ব প্ৰদান কৰা দেখা গৈছে৷ এই শাখাত ১৫-৪৯ বছৰৰ বয়সৰ মহিলা আৰু পুৰুষসকলক সাঙুৰি লোৱা হৈছিল আৰু তেওঁলোকৰ পাঁচৰ ভিতৰত চাৰিজনে এই বিষয়ত সহমত প্ৰকাশ কৰা বুলি কোৱা হৈছে৷
আনহাতে, মহিলাই স্বামীৰে যৌন সম্পৰ্ক স্থাপনত অস্বীকাৰ কৰাৰ ক্ষেত্ৰত উপৰোক্ত তিনিওটা কাৰণক মানি লোৱা হাৰ পূৰ্বতকৈ বৃদ্ধি পাইছে৷ ২০১৫-১৬ৰ বিপৰীতে এইবাৰৰ সমীক্ষাত ইয়াৰ হাৰ ১২ শতাংশলৈ বৃদ্ধি পাইছে৷
সমীক্ষাটোৰ মতে ১৯% পুৰুষে সন্মত হয় যে এগৰাকী স্বামীয়ে বিচৰা সময়ত তেওঁৰ পত্নীয়ে যৌন সম্ভোগ কৰিবলৈ অস্বীকাৰ কৰিলে খং কৰাৰ আৰু ভৰ্ৎসনা কৰাৰ অধিকাৰ আছে৷ সমীক্ষাটোৱে লগতে দেখুৱায় যে পাঁচগৰাকীৰ ভিতৰত চাৰিগৰাকীতকৈ অধিক অৰ্থাৎ ৮২শতাংশ মহিলাই তেওঁলোকৰ স্বামীক সেই সময়ত যৌন সম্পৰ্ক নিবিচাৰো বুলি স্পষ্টভাৱে ক’ব পাৰে।
লগতে পঢ়ক মোগল সাম্ৰাজ্যৰ ধ্বজাবাহক কুটুব মিনাৰ; নাম সলনিৰ দাবী হিন্দুত্ববাদীৰ
কিন্তু, হকাশজনক দিশটো হ’ল যে ৪৫% মহিলা আৰু ৫৫% পুৰুষে বিশ্বাস কৰে যে এজন স্বামীয়ে তেওঁৰ পত্নীক নিৰ্দিষ্ট সাতটা কাৰণৰ ভিতৰত কমেও এটা কাৰণ প্ৰহাৰ কৰাটো ন্যায়সঙ্গত৷ অৰ্থাৎ বৃহৎ সংখ্যক স্বামী-স্ত্ৰীয়ে সাতটা কাৰণৰ এটাৰ বাবে স্বামীয়ে পত্নীক শাৰীৰিক অত্যাচাৰ কৰাটোক যুক্তিসংগত বুলি ভাবে, যিটো অতি উদ্বেগজনক বুলি অভিহিত কৰিব পাৰি৷
এই সাতটা কাৰণ হৈছে ক্ৰমে — ১) স্বামীক নোকোৱাকৈ পত্নীয়ে বাহিৰলৈ যোৱা, ২) পত্নীয়ে ঘৰ বা সন্তানক অৱহেলা কৰা, ৩) স্বামীৰ সৈতে পত্নীয়ে তৰ্ক কৰা, ৪) স্বামীৰে যৌন সম্ভোগ কৰিবলৈ পত্নীয়ে অস্বীকাৰ কৰা, ৫) সঠিকভাৱে খাদ্য ৰান্ধিব নোৱাৰা, ৬) পত্নীক অবিশ্বাসী বুলি সন্দেহ কৰা আৰু ৭) পত্নীৰ শহুৰেকৰ প্ৰতি অসন্মান দেখুওৱা।
অৱেশ্যে, এই ক্ষেত্ৰত বৃহৎ সংখ্যক মহিলাই উপৰোক্ত কাৰণবোৰৰ ক্ষেত্ৰত সন্মত হ’লেও পত্নীক প্ৰহাৰ কৰাটো ন্যায়সঙ্গত বুলি কোৱা মহিলাৰ হাৰ পূৰ্বৰ ৫২%ৰ পৰা ৭ % হ্ৰাস পাইছে৷ ইফালে পুৰুষৰ ক্ষেত্ৰত ই ৪২%ৰ পৰা আৰু দুই শতাংশ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
লগতে পঢ়ক বিদ্যুতৰ মহিমা! বিয়া মণ্ডপত লাগিল অথন্তৰ; আন্ধাৰতে চাৰি কইনা-দৰাৰ সাল সলনি
উল্লেখ্য যে কিছুদিন পূৰ্বে এই সম্পৰ্কীয় অৰ্থাৎ বিবাহজনিত ধৰ্ষণ সন্দৰ্ভত কৰ্ণাটক উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক ৰায় প্ৰদান কৰিছিল৷ কৰ্ণাটক উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰি কৈছিল যে বিবাহ মানে পুৰুষসকলৰ বাবে পত্নীৰ ওপৰত নৃশংস অত্যাচাৰ আৰু আৰু ধৰ্ষণ কৰাৰ অনুজ্ঞা পত্ৰ নহয়৷
উক্ত ৰায়ে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰে আৰু এতিয়াও এই প্ৰতিক্ৰিয়া নিৰ্বাপিত হোৱা নাই৷ তেনে সময়তে ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপ-৫ (২০১৯-২১)এ প্ৰকাশ কৰা সমীক্ষাৰ ফলাফলে এই বিষয়টোক আৰু অধিক প্ৰাসংগিক কৰি তোলা বুলি ধাৰণা কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ