বিদ্যুৎ বিভাগৰ মহিমাৰ বলত এখন বিবাহত ঘটিল অথন্তৰ৷ দুই ভগ্নীৰ একেখন মঞ্চতে অনুষ্ঠিত হোৱাৰ বিবাহত ঘটিল এই অথন্তৰ৷
প্ৰকাশিত বাতৰি অনুসৰি মধ্যপ্ৰদেশৰ উজ্জয়নৰ এখন গাঁৱত দুই ভগ্নীৰ একেখন মঞ্চতে বিবাহৰ আয়োজন কৰা হৈছিল৷
বাদনগৰ মহকুমাৰ আছলানা গাঁৱৰ ৰামেশলালৰ দুই কন্যা নিকিতা আৰু কৰীশ্মাৰ বিবাহ অনুষ্ঠানৰ মাংগলিক কাৰ্য সম্পাদন হৈ থকাৰ সময়তে বিদ্যুৎ কৰ্তন হোৱাৰ বাবে সমগ্ৰ মণ্ডপটো অন্ধকাৰে ছানি ধৰে৷
লগতে পঢ়ক ১০ বছৰ ধৰি যুৱতীক ধৰ্ষণ সাহিত্য অকাডেমি বঁটা বিজয়ী যুৱ সাহিত্যিকৰ!
তেনে সময়তে কণিষ্ঠ ভগ্নীয়ে জ্যেষ্ঠ ভগ্নীৰ দৰাক আৰু জ্যেষ্ঠ ভগ্নীয়ে কণিষ্ঠ ভগ্নীৰ দৰাৰ সৈতে ভুল ক্ৰমে সলনা-সলনিকৈ বিবাহপাশত আৱদ্ধ হয়৷
বিদ্যুৎ কৰ্তনৰ সময়তো বিবাহৰ মাংগলিক কাৰ্য অব্যাহত থকাৰ বাবে তেওঁলোকৰ অৱস্থান সলনি হয় যাৰ ফলত এই কাণ্ডটো সংঘটিত হয়৷
ইফালে পুনৰ বিদ্যুৎ আহি সমগ্ৰ মণ্ডপটো পোহৰাই তোলে যদিও দুয়োগৰাকী ভগ্নী তথা কইনাই একে ৰঙৰ একেই পোছাক পৰিধান কৰাৰ বাবে ঘটনাটো বিবাহস্থলীতে পোহৰলৈ নাহিল৷
লগতে পঢ়ক গৰমত ব্ৰা পিন্ধাটো অস্বস্তিকৰ নেকি? ব্ৰাৰ জোখ লোৱাৰ সময়ত কি কৰিব?
ইয়াৰ পিছতে দুয়োজন দৰাই সলনা-সলনি কৰি দুই কইনাক ঘৰলৈ লৈ যায় আৰু দৰা দুগৰাকীৰ ঘৰতহে এই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে৷
কইনা ঘৰৰ লোকে দুয়োগৰাকী দৰা ঘৰত উপস্থিত হৈ সমগ্ৰ ঘটনাটো মীমাংসা কৰে আৰু পুনৰ পিছ দিনা সঠিক কইনা দৰাৰ সৈতে বিবাহৰ মাংগলিক কাৰ্য সমাপন কৰা হয়৷
এই সমগ্ৰ ঘটনাটো ভাইৰেল হোৱাৰ পিছতে সামাজিক মাধ্যমত বিভিন্ন লোকে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে৷ একাংশ নেটিজেনে কটাক্ষ কৰি কৈছে, ‘‘এনে কাণ্ড কেৱল এই ভাৰতবৰ্ষতহে সম্ভৱ৷’’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ