কোভিড মহামাৰীৰ উদ্বিগ্নতা মাৰ নৌযাওঁতেই এইবাৰ আকৌ আবিৰ্ভাৱ ঘটিছে এক বিৰল প্ৰজাতিৰ ভাইৰাছৰ৷
ইতিমধ্যে ইংলেণ্ডত মানৱ শৰীৰত ধৰা পৰিছে এই বিৰল প্ৰজাতিৰ ভাইৰাছৰ উপস্থিতি৷ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি মংকী প’ক্স নামৰ এক বিৰল প্ৰজাতিৰ ভাইৰাছত সংক্ৰমিত হৈছে এগৰাকী ব্ৰিটিছ নাগৰিক৷
ব্ৰিটেইনৰ চৰকাৰী স্বাস্থ্য বিভাগে এই কথা নিশ্চিত কৰি কয় যে নাইজেৰিয়া ভ্ৰমণ কৰি অহা এগৰাকী লোকৰ শৰীৰত মাংকী প’ক্স প্ৰজাতি ভাইৰাছ ধৰা পৰিছে৷ দেশখনৰ বিশেষজ্ঞসকলে আশংকা কৰা মতে নাইজেৰিয়াতে লোকজনে উক্ত ভাইৰাছত আক্ৰান্ত হৈ আহিছে৷
লগতে পঢ়কমোগল সাম্ৰাজ্যৰ ধ্বজাবাহক কুটুব মিনাৰ; নাম সলনিৰ দাবী হিন্দুত্ববাদীৰ
কি এই মাংকী প’ক্স?
বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে মাংকী প’ক্স বসন্তৰ দৰে এবিধ ৰোগ৷ জল বসন্ত বা গুটি বসন্ত সদৃশ হ’লেও এই ভাইৰাছৰ এতিয়াও চিকিৎসা পদ্ধতি নাই৷ নাক-মুখ, চকুৰ লগতে কাপোৰৰ পৰাও এই ভাইৰাছ সংক্ৰমিত হ’ব পাৰে৷
মূলতঃ পশ্চিম আৰু মধ্য আফ্ৰিকাৰ কিছু দেশত এই ভাইৰাছ একাধিক বন্যপ্ৰাণী বিশেষভাৱে এন্দুৰৰ পৰা বিয়পে বুলি জনা যায়৷
বিশেষজ্ঞসকলৰ মতে যে ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকসকলৰ শৰীৰৰ প্ৰাৰম্ভিক লক্ষণবোৰৰ হৈছে জ্বৰ, মূৰৰ বিষ, পিঠি আৰু ডিঙিৰ বিষৰ দৰে লক্ষণ। ভাইৰাছত আক্ৰান্ত লোকে ভাগৰুৱা অনুভৱ কৰিব পাৰে। ইফালে শৰীৰৰ বিভিন্ন গ্ৰন্থি ফুলি যায় আৰু মুখত সৰু সৰু দাগ দেখা যায়। ই ক্ৰমান্বয়ে গোটেই শৰীৰত বিয়পি পৰে৷
লগতে পঢ়কবিদ্যুতৰ মহিমা! বিয়া মণ্ডপত লাগিল অথন্তৰ; আন্ধাৰতে চাৰি কইনা-দৰাৰ সাল সলনি
বিশেষজ্ঞসকলে দাবী কৰা মতে সংক্ৰমিত ব্যক্তিৰ ওচৰত থাকিলে ইয়াৰ সংক্ৰমণৰ আশংকা বৃদ্ধি হ’ব পাৰে। ভাইৰাছটো শ্বাসনলী, ঘা, নাক, মুখ বা চকুৰ জৰিয়তে স্বাস্থ্যৱান ব্যক্তি এজনৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে। আক্ৰান্ত লোকে ব্যৱহাৰ কৰা কাপোৰৰ পৰাও বিয়পিব পাৰে।
ইংলেণ্ডৰ স্বাস্থ্য বিভাগৰ মতে চিকিৎসালয়ত ভৰ্তি হোৱাৰ আগতে মানুহজন কাৰ সংস্পৰ্শলৈ আহিছিল তাক বিচাৰি উলিওৱাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। ৰোগীজন বৰ্তমান সংক্ৰামক ৰোগৰ বাবে বিশেষভাৱে নিৰ্মিত এটা বিভাগত চিকিৎসাধীন হৈ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ