অসম লাইভ২৪ঃ গণৰাজ্য দিৱস। ২৬ জানুৱাৰীৰ পূৰ্বেই গৃহবিভাগে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত এইবাৰ গণৰাজ্য দিৱসৰ পূৰ্বেই জাৰি কৰা হৈছে ‘ফ্লেগ কোড’। কেন্দ্ৰৰ তৰফৰ পৰা নতুন নিৰ্দেশনাত কোৱা হৈছে যে, গণৰাজ্য দিৱসৰ দিনা জাতীয়, সাংস্কৃতিক আৰু বিভিন্ন ইভেণ্টত কোনোৱে যাতে কাগজেৰে তৈয়াৰ কৰা পতাকাসমূহ য’তে ত’তে ফালি নেপেলাই তাৰবাবে চৰকাৰে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। দেশৰ জাতীয় পতাকাৰ যাতে কোনো কাৰণতে অৱমাননা কৰা নহয় সেই বিষয়টোক লৈ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰই।
https://x.com/ANI/status/1748255642132127851?s=20
গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱসৰ পূৰ্বে জাতীয় পতাকা বজাৰত উভৈনদী হৈ পৰে। এইবাৰো ব্যতিক্ৰম হোৱা নাই। গণৰাজ্য দিৱস উপলক্ষ্যে বিভিন্ন ধৰণৰ পতাকা দোকানে-বজাৰে দেখা গৈছে। কাপোৰৰ পতাকাৰ ওপৰিও কাগজৰ পতাকাও বজাৰত বিক্ৰিৰ বাবে ৰখা দেখা গৈছে। এই জাতীয় পতাকাসমূহ এদিনীয়া আৱেগত বহুতে ক্ৰয় কৰে যদিও পাছলৈ সেই পতাকা য’তে ত’তে ফালিচিৰি পেলায়। গণৰাজ্য দিৱসৰ পাছত যাতে কোনো কাৰণতে জাতীয় পতাকাক অৱমাননা কৰা নহয় তাৰবাবে সজাগ হ’বলৈ আহ্বান জনোৱা হৈছে প্ৰতিজন লোককেই। জাতীয় পতাকাক কেনেকৈ সন্মানেৰে সৈতে ৰাখিব সেই বিষয়েও জনাইছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে।
জাতীয় পতাকা ৰখাৰো কেইটামান বিশেষ নিয়ম আছে। সেইসমূহ হৈছে জাতীয় পতাকা সদায়ে অনুভূমিকভাৱে ৰাখিব লাগে। পতাকাৰ গেৰুৱা আৰু সেউজীয়া ৰঙ ভাজ কৰোতে সদায়ে বগা অংশৰ তলত থাকিব লাগে। বগা অংশক এনেকৈ ভাঁজ কৰিব যাতে কেৱলমাত্ৰ পতাকাৰ অশোকচক্ৰটোহে দেখা যায়। তাৰপাছতেই পৰিষ্কাৰ-পৰিচ্ছন্ন স্থানত পতাকাখন ৰাখি থ’ব লাগে।
পতাকাখন ব্যৱহাৰৰ পাছত যাতে ফালি নেপেলাই সেই ক্ষেত্ৰত নজৰ দিব লাগে। পতাকা কেতিয়াও এটুকুৰা কাপোৰ হিচাপে ব্যৱহাৰ নকৰিব বুলিও জনাইছে গৃহ মন্ত্ৰণালয়ে। কাগজৰ পতাকা হ’লেও সেইখন য’তে ত’তে পেলাই নিদিব। ট্ৰেইন, বাছ, নাৱত পতাকা লগাই নাৰাখিব। পতাকা কেতিয়াও সামগ্ৰীৰ ঢাকনি হিচাপে ব্যৱহাৰ নকৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















