২০২৬ আহিবলৈ বেছি দিন নাই৷ জ্যোতিষ অনুসৰি আগন্তুক বছৰ গ্ৰহ-নক্ষত্ৰৰ অৱস্থান পৰিবৰ্তন হ’ব৷ আগন্তুক ২ জুন মকৰ ৰাশিত প্ৰৱেশ কৰিব বৃহস্পতিয়ে, ইয়াৰপাছতেই অতিচাৰী হৈ অক্টোবৰত বৃহস্পতিয়ে গোচৰ কৰিব সিংহ ৰাশিত৷ ইয়াৰোপৰি ২৫ নৱেম্বৰত ৰাশি পৰিবৰ্তন কৰিব ৰাহু আৰু কেতুৱে৷ আগন্তুক বছৰ আৰম্ভ হ’ব শনিৰ বক্ৰীদশা৷ গ্ৰহৰ এই সকলো অৱস্থানৰ প্ৰভাৱত ২০২৬ত চকুত লগা উন্নতি কৰিব পাঁচ ৰাশিৰ জাতকে৷ জানি থওক তালিকাত কোন কোন আছে?
বৃষ ৰাশি
বৈদিক জ্যোতিষ অনুসৰি ২০২৬ত ভাল সময় কটাব বৃষ ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ পাৰ্টনাৰৰ সৈতে সম্পৰ্কত মাধুৰ্য থাকিব৷ সন্তানহীন দম্পতিসকলৰ কোলালৈ সন্তান আহিব পাৰে৷ আৰ্থিকভাৱেও ২০২৬ চন লাভজনক হ’ব বৃষ ৰাশিৰ জাতকৰ বাবে৷ আগন্তুক বছৰত প্ৰচুৰ সম্পত্তি লাভ কৰাৰ সুযোগ আহিব আপোনালৈ৷
মিথুন ৰাশি
২০২৬ চনত সকলো কামত ভাগ্যৰ সহায় হ’ব মিথুন ৰাশিৰ জাতকৰ৷ ব্যৱসায়িক সম্পৰ্কসমূহ পূৰ্বতকৈ মজবুত হ’ব৷ ইয়াৰ ফলত আপুনি আৰ্থিকভাৱেও লাভৱান হব৷ যিসকলে ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাৱিছে তেওঁলোকে বিদেশত নিজৰ ব্যৱসায় বঢ়োৱাৰ সুযোগ পাব৷ আপোনাৰ কঠোৰ পৰিশ্ৰমে অফিচত সকলোৰে প্ৰশংসা পাব৷
কৰ্কট ৰাশি
জ্যোতিষশাস্ত্ৰই কৈছে ২০২৬ চনত সৌভাগ্যক নিজৰ কাষত পাব কৰ্কট ৰাশিৰ জাতকে৷ আপোনাৰ মনলৈ এনে ভাৱ আহিব যেন ভগৱানে আপোনাৰ সহায়তা কৰিছে৷ চাকৰিয়ালে আগন্তুক বছৰত কেৰিয়াৰত উন্নতি কৰাৰ বহু সুযোগ পাব৷ যিসকলে চৰকাৰী চাকৰিৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে আগন্তুক বছৰত সাফল্য পাব৷
মকৰ ৰাশি
পেছাগতভাৱে আগন্তুক বছৰত উন্নতিৰ এটাৰ পাছত আনটো সুযোগ আহিব মকৰ ৰাশিৰ জাতকৰ সন্মুখত৷ অফিচত চিনিয়ৰে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷ কৰ্মক্ষেত্ৰত ক্ষমতা আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ ব্যৱসায়ীয়েও উন্নতি কৰিব পাৰে৷ সন্মুখৰ বছৰত আপোনাৰ আয় বাঢ়িব৷ ধৰ্মীয় যাত্ৰালৈ যাব পাৰে মকৰ ৰাশিৰ জাতক৷
কুম্ভ ৰাশি
জ্যোতিষ গণনা অনুসৰি ২০২৬ চন স্পেছিয়েল হ’ব কুম্ভ ৰাশিৰ জাতকৰ বাবে৷ আগন্তুক বছৰ আপোনাৰ মাজত সৃজনশীলতা বৃদ্ধি পাব৷ নিজৰ চেঞ্চ অফ হিউমাৰেৰে বহুতৰে মন জয় কৰিব পাৰিব৷ অফিচত কামত পজিটিভ পৰিবেশ বৰ্তি থাকিব৷ সন্মুখৰ বছৰত আপোনাৰ উপাৰ্জন আৰু সঞ্চয়ৰ পৰিমাণ দুয়োটাই বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















