ভাৰতক দেউলীয়া হোৱাৰ পৰা কেনেকৈ ৰক্ষা কৰিছিল দেশৰ অৰ্থনীতিৰ মহীৰূহ মনমোহন সিঙে
দেশজুৰি শোকৰ বন্যা। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুত শোকস্তব্ধ দেশবাসী। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ দেহাৱসানত দেশজুৰি ৭ দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা। ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ।
প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ অৱদান দেশৰ বাবে অনস্বীকাৰ্য। কিন্তু বহুতে নাজানে যে ১৯৯১ চনত ভাৰত দেউলীয়া হোৱাৰ উপক্ৰম হৈছিল। বৈদেশিক মুদ্ৰাৰ মজুত ইমানেই নিম্নগামী হৈ পৰিছিল যে প্ৰায় দুসপ্তাহৰ বাবেহে ইয়াক আমদানিৰ বাবে ব্যৱহাৰ কৰিব পৰা গৈছিল।
মুদ্ৰাস্ফীতি দুটা সংখ্যাত উপনীত হৈছিল। ৰাজহৰ বৃহৎ অভাৱে সমগ্ৰ দেশকে পংগু কৰি পেলাইছিল। কিন্তু সেই মহাসংকটৰ সময়ত ভাৰতক সেই সংকটৰ পৰা উলিয়াই আনিবলৈ সক্ষম হৈছিল সেই সমৰ বিত্তমন্ত্ৰী মনমোহন সিং। কেৱল দেশৰ অৰ্থনীতি ৰক্ষা কৰাই নহয়, তেওঁক শক্তিশালী স্থানলৈও লৈ আহিছিল তেখেতে।
তেতিয়াৰ বিত্তমন্ত্ৰী মনমোহন সিঙক সহযোগ কৰিছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী পিভি নৰসিংহ ৰাৱে। কিছু সাহসী পদক্ষেপ উদ্ধাৰ কৰিছিল এই সকলো। যিয়ে ভাৰতৰ দশক দশক ধৰি চলি অহা অৰ্থনৈতিক নীতি ভাঙি ভাৰতক উদাৰীকৰণৰ পথত লৈ গৈছিল।
১৯৯১ চনৰ জুলাই মাহত দুবাৰকৈ ভাৰতীয় মুদ্ৰাৰ বিমুদ্ৰাকৰণ হয়। ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰা হ্ৰাস পায়। ফলত বিদেশী বজাৰত ভাৰতীয় সামগ্ৰীৰ মূল্যও হ্ৰাস পায়। ফলত ৰপ্তানি বৃদ্ধি পায়। ভাৰতলৈ অতি প্ৰয়োজনীয় বৈদেশিক মুদ্ৰা প্ৰবাহিত হয়।
একে সময়তে ভাৰতীয় ৰিজাৰ্ভ বেংকে আন্তঃৰাষ্ট্ৰীয় বেংকত ৪৭ টন সোণ জমা কৰি ৬০ কোটি ডলাৰ সংগ্ৰহ কৰে ইয়াৰ বাহিৰেও আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি বা আই এম এফৰ পৰা আৰু কোটি কোটি টকা ঋণ লোৱা হৈছিল।
কিন্তু এই পদক্ষেপবোৰ সাময়িক আছিল। তেতিয়াৰ দৰেই অৰ্থনীতি সুৰক্ষিত কৰাৰ প্ৰচেষ্টা। সেই বছৰৰ ২৪ জুলাইত বিত্তমন্ত্ৰী মনমোহন সিঙে সংসদত প্ৰথম বাজেট দাখিল কৰে। বাজেটত তেওঁ কিছুমান প্ৰস্তাৱ আগবঢ়াইছিল, য’ত ভাৰতৰ অৰ্থনৈতিক ভৱিষ্যত সন্নিবিষ্ট আছিল।
তদুপৰি বিদেশী বিনিয়োগৰ ওপৰত থকা নিষেধাজ্ঞা শিথিল কৰা হৈছিল। ৫১ শতাংশ ইকুইটি অংশীদাৰিত্ব পৰ্যন্ত বিদেশী বিনিয়োগৰ বাবে চৰকাৰী অনুমোদনৰ প্ৰয়োজনীয়তা উঠাই দিয়া হৈছিল। ইয়াৰ বাহিৰেও ১৮টা গুৰুত্বপূৰ্ণ খণ্ডৰ বাহিৰে সকলো খণ্ডৰ উদ্যোগিক অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছিল।
কিন্তু এই সংস্কাৰসমূহ কৰিবলৈ মনমোহন সিঙে কৰ্পৰেট টেক্স বৃদ্ধি কৰিব লগা হৈছিল। ৰন্ধন গেছ, চেনিৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ ৰাজসাহায্য হ্ৰাস কৰিবলগীয়া হৈছিল। পেট্ৰ’লৰ দাম বৃদ্ধি হ’ব লগা হৈছিল।
অৱশ্যে মনমোহন সিঙৰ নিজৰ ওপৰত আস্থা আছিল। অৰ্থনীতিৰ জ্ঞানৰ ওপৰত তেওঁৰ আস্থা আছিল। গতিকে ১৯৯১ চনৰ বাজেট ভাষণত তেওঁ জোৰ দি কৈছিল, ‘পৃথিৱীৰ কোনো শক্তিয়ে সময়োপযোগী ধাৰণা এটাক ৰখাব নোৱাৰে।’ তেওঁ লগতে কৈছিল, ‘এটা জাতি হিচাপে আমি আমাৰ অগ্ৰাধিকাৰৰ ওপৰত পুনৰ চিন্তা কৰাটো প্ৰয়োজন। যাতে প্ৰতিজন ভাৰতীয়ই সুস্থ আৰু মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিব পাৰে।’
সেই সকলো সংকট আঁতৰ কৰি কেৱল অৰ্থনৈতিক পতনৰ পৰা দেশখনক ৰক্ষা কৰাই নহয়, ভাৰতক বিশ্বৰ অন্যতম আগশাৰীৰ অৰ্থনৈতিক শক্তি হিচাপে গঢ়ি তুলিছিল। অন্যথা ২০১৯ চনৰ ভিতৰত ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত নহ’লহেঁতেন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















