অগ্নিবীৰক লৈ চলিছে ৰাজনৈতিক টনাআঁজোৰা৷ এই বিষয়টোক লৈয়ে লোকসভাত সৰৱ হৈ উঠিছে ৰাহুল গান্ধী৷ কেন্দ্ৰক আক্ৰমণ কৰিবলৈ ৰাহুলে টানি আনিছে শ্বহীদ অগ্নিবীৰ অজয় কুমাৰকো৷ বিগত ১৮ জানুৱাৰীত জম্মু আৰু কাশ্মীৰৰ ৰাজৌৰীত লেণ্ডমাইন বিস্ফোৰণত প্ৰাণ হেৰুৱাইছে ২৩ বছৰীয়া অজয় কুমাৰে৷ লুধিয়ানাৰ যুৱক অজয় সিঙৰ পৰিয়ালে পুত্ৰৰ মৃত্যুৰ পাছত কোনোধৰণৰ আৰ্থিক সাহায্যও লাভ কৰা নাই৷ কংগ্ৰেছ নেতা ৰাহুলে এই সন্দৰ্ভত কয়, ‘অগ্নিবীৰ প্ৰকল্পৰ অধীনত সেনাত ভৰ্তি হৈছিল অজয়৷ আন পাঁচগৰাকী সেনাৰ দৰেই কাম কৰিছিল৷ কিন্তু তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ পৰিয়ালে কোনোধৰণৰ আৰ্থিক সাহায্য কিয় লাভ নকৰিলে? পেনছনৰ পৰাও বঞ্চিত অগ্নিবীৰসকল৷’
বর্তমান অগ্নিবীৰসকলে কি কি সুবিধা পায়?
বৰ্তমান অগ্নিবীৰসকলৰ মাহিলী বেতন হৈছে ৩০ হাজাৰ টকা৷ কিন্তু তাৰে ২১ হাজাৰ টকাহে তেওঁলোকৰ হাতলৈ আহে৷ ইয়াৰোপৰি সেৱা নিধি পেকেজ আৰু দক্ষতা শংসাপত্ৰৰ দৰে কিছু সুবিধা তেওঁলোকে লাভ কৰে৷ অগ্নিবীৰসকলে সকলো সামৰি এক বিশেষ পেকেজ লাভ কৰে৷
শ্বহীদ পৰিয়ালে কিমান আৰ্থিক সাহায্য লাভ কৰে?
চৰকাৰী সূত্ৰ অনুসৰি আৰ্থিক সাহায্যৰ মুঠ মূল্য ১.৬৫ কোটি টকা৷ ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰ আৰু এমওইউৰ অধীনৰ আৰ্থিক প্ৰতিষ্ঠানৰ পৰা আছে ৪৮-৫০ লাখ টকাৰ বীমা৷ ইয়াৰোপৰি অতিৰিক্ত ৩৯ হাজাৰ টকা৷ এক্স গ্ৰেছিঅ’ হিচাপে ৪৪ লাখ টকা৷ সেনা তহবিলৰ পৰা ৪ লাখ টকা৷ ম্যাদ শেষ নোহোৱা পৰ্যন্ত দৰমহাৰ পৰা কটা ধন ১৩ লাখ টকা৷ সেৱা নিধি হিচাপে ২.৩ লাখ টকা লাভ কৰে অগ্নিবীৰসকলে৷
সম্প্ৰতি এক্স হেণ্ডেলত পোষ্ট কৰিছে ভাৰতীয় সেনাইয়ো৷ তাত জনোৱা অনুসৰি শ্বহীদ পৰিয়ালক ৯৮ লাখ টকা আৰ্থিক সাহায্য ঘোষণা কৰিছে সেনাই৷ পোষ্টত জনোৱা অনুসৰি, ভাৰতীয় সেনা অগ্নিবীৰ অজয় কুমাৰৰ মহৎ আত্মত্যাগক স্মৰণ কৰি পূৰ্ণ সামৰিক মৰ্যদাৰে তেওঁৰ শেষকৃত কৰা হৈছে৷ প্ৰাপ্য অৰ্থ সাহায্য হিচাপে ৯৮.৩৮ লাখ টকা অগ্নিবীৰ অজয় কুমাৰৰ পৰিয়ালৰ হাতত তুলি দিয়া হৈছে৷ ইয়াৰোপৰি অগ্নিপথ প্ৰকল্প অনুসৰি আৰু প্ৰায় ৬৭ লাখ টকা অজয় কুমাৰৰ পৰিয়ালক দিয়া হ’ব৷ অৰ্থাৎ অজয়ৰ পৰিয়ালে মুঠ আৰ্থিক সাহায্য ১.৬৫ কোটি টকা লাভ কৰিব৷
প’ষ্টত সেনাৰ তৰফৰ পৰা এই কথাও সংলগ্ন কৰি দিয়া হৈছে যে, সেনা এজন শ্বহীদ হ’লে কেইবাটাও ভেৰিফিকেছনৰ অন্ততহে পৰিয়ালৰ হাতত অৰ্থ তুলি দিয়া হয়৷ প্ৰয়াত সেনাৰ নমিনিয়ে সেই ধন লাভ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ