দেওবাৰে মেলব’ৰ্ণত ৰাছিয়ান টেনিছ তাৰকা ডানিল মেদভেদেভক পৰাস্ত কৰি বিশ্ব টেনিছ ইতিহাসত নতুন অভিলেখৰ অধিকাৰী হয় স্পনিছ টেনিছ তাৰকা ৰাফেল নাদাল৷
মেদভেদেভক পৰাস্ত কৰি ২০২২ৰ অষ্ট্ৰেলিয়ান অ’পেন দখল কৰাৰ লগে লগে ৰাফেল নাদালে টেনিছ কেৰিয়াৰ ছিংগলছ গ্লেণ্ডশ্লেমৰ সংখ্যা ২১ টালৈ বৃদ্ধি কৰে৷ ইয়াৰ লগে লগে ৰাফেল নাদালে চুইজাৰলেণ্ডৰ টেনিছ তাৰকা ৰ’জাৰ ফেডাৰৰ আৰু চাৰ্বিয়ান টেনিছ তাৰকা ন’ভাক জুক’ভিক অতিক্ৰম কৰে৷
উল্লেখ্য যে ইয়াৰ পূৰ্বে তিনিও গৰাকী টেনিছ তাৰকাই ২০ টাকৈ গ্লেণ্ডশ্লেমৰ অধিকাৰী আছিল৷ নাদালে দুয়োগৰাকী তাৰকাকে অতিক্ৰমী বিশ্ব টেনিছ ইতিহাসত অভিলেখ সৃষ্টি কৰিলেও এই অভিলেখ কিমান দিনলৈ সুৰক্ষিত হৈ থাকিব সেয়া সময়েহে ক’ব৷ কাৰণ ফেডাৰৰ আৰু জুক’ভিক দুয়োগৰাকী তাৰকাই এতিয়াও অৱসৰ গ্ৰহণ কৰা নাই৷
এতিয়া আহোঁ ২১ টা গ্লেণ্ডশ্লেম দখলেৰে অভিলেখৰ অধিকাৰী হোৱা ৩৫ বছৰীয়া নাদালে কেৰিয়াত কিমান পৰিমাণৰ প্ৰাইজমানি লাভ কৰিছে৷
উল্লেখ্য যে দেওবাৰে অষ্ট্ৰেলিয়ান অ’পেনৰ পুৰুষৰ খিতাপ দখল কৰি নাদালে প্ৰাইজমানি হিচাপে লাভ কৰিছে ১.৫ মিলিয়ন অষ্ট্ৰেলিয়ান ড’লাৰ, ভাৰতীয় মূল্যত ২৩.১৩ কোটি টকা৷
আনহাতে, টেনিছ কেৰিয়াত প্ৰাইজমানি হিচাপে ৰাফেল নাদালে উপাৰ্জন কৰিছে ১২৭,১২১,৩৮৫ মাৰ্কিন ড’লাৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ