ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্দাই আম আদমী পাৰ্টি ত্যাগ কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। তেওঁ দাবী কৰে যে দলৰ ১০ জন ৰাজ্যসভাৰ সাংসদৰ ভিতৰত ৭ জন সাংসদ তেওঁৰ লগত আছে আৰু তেওঁলোক সকলোৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। তেওঁ দাবী কৰে যে পূৰ্বে দিল্লীত দুৰ্নীতিৰ অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতি দিয়া দলটোৱে এতিয়া স্বচ্ছ ৰাজনীতি আৰু সৎ শাসন ব্যৱস্থাৰ পৰা আঁতৰি আহি দলৰ ভিতৰত গভীৰ ক্ষোভৰ সৃষ্টি কৰিছে।
ৰাঘৱ চাদ্দাৰ নেট ৱৰ্থ
বহু বিশিষ্ট ৰাজনীতিবিদৰ তুলনাত ৰাঘৱ চাদ্দাৰ সম্পত্তি যথেষ্ট কম। ২০২৪ চনৰ নিৰ্বাচনী শপতনামা অনুসৰি তেওঁৰ মুঠ সম্পত্তিৰ মূল্য ৩৬ লাখ টকা, য’ত আছে ১৪ লাখ টকা নগদ ধন, ৬ মিলিয়ন টকাৰ বণ্ড, ৫২,০০০ টকাৰ এল আই চি পলিচি, এখন চুইফট ডিজাইৰ গাড়ী, আৰু ৯০ গ্ৰাম সোণৰ গহনা। এতিয়া সামাজিক মাধ্যমত মাত্ৰ চৰ্চা হৈছে ৰাঘৱৰ কথা।
পৰিনীতি চোপ্ৰাৰ নেট ৱৰ্থ
পৰিনীতি চোপ্ৰাৰ নেট ৱৰ্থ ৰাঘৱ চাদ্দাতকৈ একেবাৰে পৃথক। ৰিপৰ্ট অনুসৰি তেওঁৰ নেট ৱৰ্থ প্ৰায় ৭৪ কোটি টকা বুলি অনুমান কৰা হৈছে, যিটো ছবি, ব্ৰেণ্ড এণ্ডাৰছমেণ্ট, আৰু হিন্দী চিনেমাৰ সৈতে দীৰ্ঘদিনীয়া জড়িততাৰ জৰিয়তে উপাৰ্জন কৰা হৈছে।
খবৰ অনুসৰি, তেওঁলোকৰ বান্দ্ৰাত প্ৰায় ২২ কোটি টকা মূল্যৰ এটা ঘৰ আৰু কেইবাখনো বিলাসী গাড়ী আছে। ইয়াৰ ভিতৰত আছে Range Rover Vogue (প্ৰায় ১.৩ কোটি টকা), Audi Q4 (প্ৰায় ৪৩.১৯ লাখ), আৰু Audi Q7 (প্ৰায় ৬৯.২৭ লাখ টকা)। এই পৰিসংখ্যাৰ ভিত্তিত পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্দাৰ মিলিত সম্পত্তিৰ পৰিমাণ প্ৰায় ৭৪.৫ কোটি টকা, য’ত বেছি পৰিনীতি চোপ্ৰাৰ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















