• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাহিলী মাত্ৰ ৫০০ টকা বিনিয়োগেৰে কেনেকৈ লাভ কৰিব প্ৰায় ৫০ লাখ টকা?

মাহিলী মাত্ৰ ৫০০ টকা বিনিয়োগেৰে কেনেকৈ লাভ কৰিব প্ৰায় ৫০ লাখ টকা?

4 months ago
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

4 hours ago
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

5 hours ago
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

5 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

5 hours ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

6 hours ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

7 hours ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

7 hours ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

8 hours ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

10 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

10 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

11 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home নিয়োগ

মাহিলী মাত্ৰ ৫০০ টকা বিনিয়োগেৰে কেনেকৈ লাভ কৰিব প্ৰায় ৫০ লাখ টকা?

Step-Up SIP-এ লক্ষ্য সোনকালে পূৰণ কৰাত সহায় কৰে

editor by editor
June 29, 2026
in নিয়োগ, বিবিধ, লেখা
0
মাহিলী মাত্ৰ ৫০০ টকা বিনিয়োগেৰে কেনেকৈ লাভ কৰিব প্ৰায় ৫০ লাখ টকা?
0
SHARES
407
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান সময়ত সৰু সৰু সঞ্চয়ৰ জৰিয়তে ভৱিষ্যতৰ বাবে বৃহৎ পুঁজি জমা কৰাৰ জনপ্ৰিয় আৰু ফলপ্ৰসূ মাধ্যম হৈছে মিউচুৱেল ফাণ্ডত SIP (Systematic Investment Plan)। নিয়মীয়াকৈ অতি কম পৰিমাণৰ ধন বিনিয়োগ কৰিও বৃহৎ দীৰ্ঘম্যাদী জমাধন আহৰণ কৰা সম্ভৱ। যদি কোনোবাই প্ৰতিমাহে মাত্ৰ ৫০০টকাকৈ SIP কৰে আৰু গড়ে বাৰ্ষিক ১২% হাৰত লাভ পায়, তেন্তে ৪০ বছৰৰ পিছত এই সৰু বিনিয়োগেই প্ৰায় ৫০ লাখ টকালৈ বৃদ্ধি পাব পাৰে। ইয়াৰ মূল শক্তি হৈছে চক্ৰবৃদ্ধি সুদ।

৫০০টকাৰ SIP কেনেকৈ প্ৰায় ৫০ লাখ টকালৈ বৃদ্ধি কৰিব পাৰি?

৫০০ টকা SIP কৰি কেনেকৈ প্ৰায় ৫০ লাখ টকা আপুনি আহৰণ কৰিব পাৰিব সেয়া অতি সহজ ভাষাত বুজাবলৈ হ’লে-প্ৰতিমাহে ৫০০ টকা বিনিয়োগ কৰিলে আপোনাৰ বছৰেকীয়া বিনিয়োগ হ’বগৈ ৬,০০০ টকা। এনেকৈ মহিলী ৫০০টকাকৈ যদি আপুনি ৪০ বছৰলৈ বিনিয়োগ কৰে তেতিয়া ৪০ বছৰত আপোনাৰ মুঠ বিনিয়োগ হ’বগৈ ২ লাখ ৪০ হাজাৰ টকা। অৰ্থাৎ আপুনি মাত্ৰ ২ লাখ ৪০ হাজাৰ টকা বিনিয়োগ কৰিব। কিন্তু যদি এই ২ লাখ ৪০ হাজাৰ টকাৰ ওপৰত গড়ে ১২% বাৰ্ষিক ৰিটাৰ্ণ লাভ হয়, তেন্তে চক্ৰবৃদ্ধি সুদৰ ফলত মুঠ জমা প্ৰায় ৪৮.৯৬ লাখ টকা হ’বগৈ। আৰম্ভণিৰ কেইবছৰমান লাভৰ গতি তুলনামূলকভাৱে ধীৰ হ’ব পাৰে, কিন্তু সময় বাঢ়ি যোৱাৰ লগে লগে লাভৰ ওপৰত পুনৰ লাভ যোগ হৈ জমা ধনৰ বৃদ্ধি দ্ৰুতগতিত হয়। বিশেষকৈ শেষৰ বছৰবোৰত জমা ধনত আটাইতকৈ বেছি বৃদ্ধি দেখা যায়।

চক্ৰবৃদ্ধি সুদ কিয় ইমান শক্তিশালী?

চক্ৰবৃদ্ধি সুদ হৈছে এনে এক পদ্ধতি, য’ত কেৱল মূলধনৰ ওপৰতেই নহয়, পূৰ্বে লাভ কৰা সুদৰ ওপৰতো পুনৰ লাভ গণনা কৰা হয়। ফলত সময় যিমান দীঘলীয়া হয়, বিনিয়োগো সিমান দ্ৰুত হাৰত বৃদ্ধি পায়। অৱশ্যে মনত ৰাখিব লাগিব যে ৫০ লাখ টকাৰ লক্ষ্য অতি কম সময়ত পূৰণ নহয়। যদি মাত্ৰ ২০–২৫ বছৰলৈ SIP চলোৱা হয়, তেন্তে জমা ধনৰ পৰিমাণ যথেষ্ট কম থাকিব। সেয়েহে এই লক্ষ্য পূৰণ কৰিবলৈ ৩৫–৪০ বছৰ ধৰি নিয়মীয়াকৈ বিনিয়োগ অব্যাহত ৰখাটো অতি প্ৰয়োজনীয়।

সোনকালে বিনিয়োগ আৰম্ভ কৰাৰ লাভ

যদি কোনো এজন ব্যক্তিয়ে ২০–২৫ বছৰ বয়সতেই SIP আৰম্ভ কৰে, তেন্তে কম ধন বিনিয়োগ কৰিও বেছি জমা ধনৰ লাভ ল’ব পাৰি লগতে মাহিলী বিনিয়োগৰ বোজা কম থাকে। অৱসৰকাল, সন্তানৰ শিক্ষা, ঘৰ ক্ৰয় আদি দীঘলীয়া লক্ষ্য সহজে পূৰণ কৰিব পাৰি।

Step-Up SIP-এ লক্ষ্য সোনকালে পূৰণ কৰাত সহায় কৰে

যিসকলে কম সময়ৰ ভিতৰতে অধিক জমা ধনৰ লাভ ল’ব বিচাৰে, তেওঁলোকে Step-Up SIP বাছি ল’ব পাৰে। এই ব্যৱস্থাত প্ৰতিবছৰে SIPৰ পৰিমাণ অলপ অলপকৈ বৃদ্ধি কৰা হয়। ফলত বিনিয়োগৰ গতি বাঢ়ে আৰু লক্ষ্যত তুলনামূলকভাৱে সোনকালে উপনীত হ’ব পৰা যায়। মাত্ৰ ৫০০টকাকৈ মাহিলী SIPৰে প্ৰায় ৫০ লাখ টকাৰ জমা ধনৰ লাভ লোৱাটো সম্ভৱ, কিন্তু ইয়াৰ বাবে ধৈৰ্য, নিয়মানুৱৰ্তিতা আৰু দীৰ্ঘম্যাদী বিনিয়োগ অতি প্ৰয়োজন। SIP কোনো দ্ৰুত ধনী হোৱাৰ উপায় নহয়; বৰঞ্চ ই হৈছে সময়ৰ লগে লগে নিৰাপদ আৰু শৃংখলাবদ্ধভাৱে সম্পদ গঢ়ি তোলাৰ এক বিশ্বাসযোগ্য মাধ্যম।
SIP সন্দৰ্ভত মন কৰিবলগীয়া কথাটো হৈছে – মিউচুৱেল ফাণ্ডত বিনিয়োগ বজাৰৰ উঠা-নমাৰ সৈতে জড়িত। বিনিয়োগ কৰাৰ পূৰ্বে নিজৰ আৰ্থিক লক্ষ্য আৰু লোকচানৰ বহন ক্ষমতা বিবেচনা কৰি এজন যোগ্য বিত্তীয় পৰামৰ্শদাতাৰ পৰামৰ্শ লোৱাটো উচিত।
বিভিন্ন তথ্যৰ সহায়ত এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Mutual Fund
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়
বিশ্ব

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

October 15, 2026 - Updated on October 16, 2026
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ
অসম

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

October 15, 2026
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা
জীৱনশৈলী

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

October 15, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

October 15, 2026
Next Post
ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?

ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?

Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!

Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.