এতিয়া ইন্টাৰনেটৰ যুগ৷ ইন্টাৰনেটৰ যুগত সামাজিক মাধ্যমে মানুহৰ ব্যক্তিগত জীৱনটো প্ৰৱেশ কৰিছে৷ প্ৰতিদিনে সামাজিক মাধ্যমতে ইয়াৰ দেধাৰ প্ৰমাণ পোৱা যায়৷
এইবাৰ ঠিক তেনে এক প্ৰমাণ পোৱা গৈছে, যিটোক একপ্ৰকাৰে আপুনি আমোদজনক বুলিও অভিহিত কৰিব পাৰে৷
এগৰাকী স্বামীয়ে হনিমুনলৈ গৈ সম্ভৱতঃ পত্নীয়ে নজনাকৈ পত্নীৰ ফোনটো খুচৰিলে৷ পত্নীৰ ফোনটো খুচৰি দেখিলে যে তেওঁৰ পত্নীয়ে প্ৰাক্তন প্ৰেমিকেৰে যৌনালাপ কৰা মেচেজ আছে৷
লগতে পঢ়ক তিনি প্ৰেমিকাৰে ১৫ বছৰীয়া লিভ-ইন, একেটা মণ্ডপতে বিয়া তিনি প্ৰেমিকাক
স্বামীৰ পত্নীৰ ফোনত প্ৰাক্তন প্ৰেমিকৰে কৰা যৌনালাপৰ মেচেজ দেখা পাইয়ে স্বামীয়ে সামাজিক মাধ্যমত বিষয়টো ৰাজহুৱা কৰি তেওঁ কি কৰা উচিত তাৰ পৰামৰ্শ বিচাৰে৷ তেওঁ লগতে প্ৰশ্ন কৰে, ইয়াৰ পিছতো তেওঁ পত্নীক বিশ্বাস কৰি থকাটো উচিত নে?
এই বিষয়ে পত্নীক প্ৰশ্ন কৰাত পত্নীয়ে কয় যে তেওঁ এসময়ত প্ৰাক্তন প্ৰেমিকেৰে ঘণিষ্ঠ সম্পৰ্কত আছিল আৰু এতিয়া তেওঁ সেই সম্পৰ্কৰ পৰা সম্পূৰ্ণভাৱে ওলাই আহিছে৷ গতিকে সেই যৌনালাপবোৰ তেওঁৰ বাবে বিশেষত্বহীন৷ কিন্তু স্বামীয়ে পত্নীৰ সেই কথা বিশ্বাসত ল’ব পৰা নাই বুলিও প্ৰকাশ কৰিছে৷
স্বামীৰ প্ৰশ্ন, যদি সেইবোৰৰ গুৰুত্বই নাই তেনে তেওঁৰ পত্নীয়ে কিয় সেইবোৰ বাৰ্তালাপ মোবাইলৰ পৰা কিয় বিলোপ কৰা নাই?
লগতে পঢ়ক পঢ়ক কণমানি ছাত্ৰ কালুৱাৰ ছুটিৰ আবেদন; পঢ়ি আপোনাৰো নৰ’ব হাঁহি!
স্বামীগৰাকীয়ে নেটিজেনসকলৰ পৰা ইয়াৰ বাবে পৰামৰ্শ বিচাৰিবলৈ গৈ হতাশহে হোৱা পৰিলক্ষিত হৈছে৷ কাৰণ অধিকাংশ নেটিজেনে স্বামীগৰাকীৰ বিপক্ষেহে মত প্ৰকাশ কৰিছে৷
অধিকাংশই মত প্ৰকাশ কৰিছে যে স্বামীয়ে বিনা অনুমতিত পত্নীৰ মোবাইল ফোনটো চাই বাৰ্তালাপবোৰ পঢ়াটো উচিত হোৱা নাই৷ কিছুমানৰ মতে স্বামীয়ে পত্নীৰ অতীত খুচৰি থকাটো একেবাৰে অনুচিত হৈছে৷ তেওঁলোকৰ মতে যি পত্নীৰ অতীত আছিল সেই অতীতক সেইভাগে থাকিবলৈ দিয়াটো উচিত৷
আন আন একাংশৰ মতে পত্নীৰ ফোনটো বিনা অনুমতিত খুলি চাই স্বামীয়েহে বিশ্বাস ভংগ কৰিছে৷ একাংশই স্বামী-স্ত্ৰীক বিষয়টো আলোচনা কৰি মীমাংসা কৰিবলৈও পৰামৰ্শ প্ৰদান কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ