‘‘মোৰেই দুৰ্ভাগ্য! এখন যুদ্ধবাজ দেশ এৰি শান্তি বিচাৰি আহি আকৌ এখন যুদ্ধৰ সন্মুখীন হ’লো৷’’ যুদ্ধ বিধ্বস্ত আফগানিস্তানৰ পৰা শান্তি বিচাৰি ইউক্ৰেইনলৈ যোৱা আজমল ৰেহমানী নামৰ এজন লোকে এইদৰে কয়৷
সংবাদ পত্ৰ এএফপিক ইউক্ৰেইন ত্যাগ কৰি পোলেণ্ডত প্ৰৱেশ কৰাৰ পিছতে এইদৰে কয় ৰেহমানীয়ে৷
লগতে পঢ়ক আকৌ আহিছে সুযোগ; ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ উজান!
যুদ্ধবিধ্বস্ত আফগানিস্তানৰ পৰা শান্তি বিচাৰি যোৱা বছৰ আজমল ৰেহমানীৰ পৰিয়ালে ইউক্ৰেইনত নতুন জীৱন আৰম্ভ কৰিছিল৷ তেওঁৰ পৰিয়ালে ইউক্ৰেইনত মাত্ৰ এটা বছৰ অতিবাহিত কৰাৰ আগতেই ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছে৷
ৰেহমানীয়ে ১১ বছৰীয়া পুত্ৰ সাত বছৰীয়া কন্যা আৰু বছৰীয়া পত্নী মিয়াক লগত লৈ প্ৰায় ৩০ কিলোমিটাৰ দূৰত্ব খোজকাঢ়ি ইউক্ৰেইন সীমান্ত অতিক্ৰম কৰি পোলেণ্ডত প্ৰৱেশ কৰিছে৷
লগতে পঢ়ক সংকটত ৰাছিয়া! ৰেকৰ্ডিং ভাইৰেল, কেন্দ্ৰীয় আৰ্দেশ নামানে পদাতিক ৰুছ সেনাই!
পোলেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰাই ৰাছিয়াই ইউক্ৰেইনত কৰা বোমাবৰ্ষণৰ প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা বুলি কৈ ৰেহমানীয়ে কয় যে তেওঁলোকৰে দুৰ্ভাগ্য যে এখন যুদ্ধ এৰি শান্তি বিচাৰি আহি আকৌ এটা বছৰৰ ভিতৰতে আন এখন যুদ্ধৰ সন্মুখীন হৈছে৷
৪০ বছৰীয়া আজমল ৰেহমানীয়ে আফগানিস্তনৰ কাবুল বিমান বন্দৰত NATOৰ হৈ যোৱা ১৮ বছৰটা বছৰে কাম কৰিছিল৷ কিন্তু যোৱা বৰ্ষত আমেৰিকাই NATOসহ মাৰ্কিন সেনা বাহিনী আফগানিস্তানৰ পৰা প্ৰত্যাহাৰ কৰাৰ পিছতে তেওঁ আফগানিস্তান এৰি ইউক্ৰেইনত আশ্ৰয় লৈছিল৷
লগতে পঢ়ক নিজৰ মাজতেই গুলীয়াগুলী, ঘুচিয়াঘুচি ৰাছিয়ান সেনাৰ! কিয় লাগিছে এই কন্দল?
উল্লেখ্য যে আমেৰিকাই আফগানিস্তানৰ পৰা আমেৰিকানসহ NATO সেনাক প্ৰত্যাহাৰ কৰাৰ পিছতে তালিবানে আফগানিস্তান দখল কৰে৷ তালিবানৰ ৰোষত পৰাৰ ভয়তে পৰিয়ালসহ ৰেহমানীয়ে দেশ ত্যাগ কৰিছিল৷
‘‘ভাল দৰমহাসহ আফগানিস্তানত মোৰ এটা সুখী জীৱন আছিল, মোৰ নিজা ঘৰ আছিল, ব্যক্তিগত বাহন আছিল৷’’ ৰেহমানীয়ে সংবাদ পত্ৰখনক কয়৷
শান্তি বিচাৰি আফগানিস্তান ত্যাগ কৰাৰ পূৰ্বে এই সকলোবোৰ সম্পদ বিক্ৰী কৰি ৰেহমানীয়ে পৰিয়ালসহ চাৰি মাহৰ পূৰ্বে ইউক্ৰেইনত আশ্ৰয় লৈছিল৷ কিন্তু ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে ৰেহমানীৰ পৰিয়ালে এতিয়া পোলেণ্ডত শৰণাৰ্থীৰ জীৱন কটাবলগীয়া হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ