সামাজিক মাধ্যমত ভাৰতৰ প্ৰায়ে বিভিন্ন হাস্যকৰ ভিডিঅ’ বা ফটো ভাইৰেল হৈ দৰ্শকক আৰু ইউজাৰক আমোদ দি থাকে৷ শেহতীয়াকৈ ভাইৰেল হৈছে এখন ছুটিৰ আবেদনৰ ফটো৷ যিখন সামাজিক মাধ্যমত পঢ়ি আপুনিও প্ৰাণ হাঁহিব পাৰিব৷ এই ঘটনাটো বুন্দেলখণ্ড মাধ্যমিক বিদ্যালয়ৰ৷
বুন্দেলখণ্ড মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ কালুৱাই শিক্ষকলৈ এখন ছুটিৰ আবেদন লিখিছিল, যি বৰ্তমান ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে৷ ছাত্ৰ কালুৱাই তেওঁৰ শিক্ষকলৈ লিখা ছুটিৰ আবেদনখন পঢ়িলে আপোনাৰো হাঁহি উঠিব৷
লগতে পঢ়ক কাঠামাণ্ডুৰ নাইট ক্লাৱত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পাৰ্টি! চাওক ভাইৰেল ভিডিঅ’
ধেমেলীয়া ধৰণে লিখা হৈছে এই আবেদনখন৷ স্থানীয় ভাষাত লিখা এই আবেদনখনত কালুৱাই লিখিছে— শ্ৰীযুত মাষ্টৰ চাহাব… ছাৰ কথাতো এনেকুৱা, মোৰ জ্বৰ উঠি আছে আৰু নাকেৰে পানীৰ সোঁত বৈ আছে৷ সেইবাবে মই স্কুললৈ যাব পৰা নাই৷ আপোনালৈ কাতৰ নিবেদন যে মোক যদি দুই-চাৰি দিনৰ ছুটি দিয়ে তেতিয়া মোৰ পক্ষে বহুত ভাল হ’ব৷ আৰু এনেও মই স্কুলখনত নতুন বিদ্যাৰ্থী, মই নগ’লে স্কুলখন বন্ধ নহয় দিয়ক৷ আপোনাৰ আজ্ঞাবাহক ছাত্ৰ…কালুৱা৷
স্থানীয় ভাষাত লিখা এই আৱেদনখন এতিয়া সামাজিক মাধ্যমত আমোদজনক হৈ পৰিছে৷ মাষ্টৰ চাহাবক উদ্দেশ্যে লিখা ছাত্ৰজন সম্ভৱত বেমাৰত ভূগি আছে৷
লগতে পঢ়ক দূৰাৰোগ্য ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি পুটিন : হস্তান্তৰ কৰিব ৰাজ ক্ষমতা!
IAS বিষয়া অৰ্পিত বাৰ্মাই টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰা এই আবেদনখনত বিভিন্নজনে নিজৰ মন্তব্য দিয়া দেখা গৈছে৷ পোষ্টটো শ্বেয়াৰ কৰি শিৰোনামটোত লিখিছে, ‘‘ছুটিৰ বাবে আবেদন পত্ৰ।”
বাতৰিটো লিখাৰ সময়ত, এই পোষ্টটোৱে ৮ হাজাৰ ৭০০ ৰো অধিক লাইক লাভ কৰিছে। ব্যৱহাৰকাৰীসকলে এই পোষ্টটোত তেওঁলোকৰ প্ৰতিক্ৰিয়া দি আছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, ‘‘এই ছুটিৰ আবেদনখন পঢ়াৰ পিছত ছাৰজনে নিশ্চয় ছুটি মঞ্জুৰ কৰিছে৷’’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ