চাকৰি প্ৰত্যাশী নিবনুৱাৰ বাবে এক সুৱৰ্ণ সুযোগ আহিছে৷ ইনষ্টিটিউট অব বেংকিং পাৰ্ছনেলে এক অধিসূচনা জাৰি কৰিছে৷ অধিসূচনা অনুসৰি ১১ টাককৈ বেংকে নিয়োগ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷
অধিসূচনা অনুসৰি ১১ টা ৰাষ্ট্ৰীয়কৃত বেংকৰ ৬ হাজাৰো অধিক পদত কেৰাণী পদত মকৰল কৰা হ’ব৷ ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশত ১,০৮৯ টা, কৰ্ণাটকত ৩৫৮, গুজৰাটত ৩০৪, হাৰিয়ানাত ১৩৮, মধ্যপ্ৰদেশত ৩০৯, মহাৰাষ্ট্ৰত ৭৭৫ টাকৈ পদ ৰাষ্ট্ৰীয়কৃত বেংকত খালী হৈ আছে। ইফালে অসমত খালী হৈ আছে ১৫৭ টা স্থায়ী পদ৷
আই বি পি এছে প্ৰকাশ কৰা অনুসৰি অনুসূচিত জাতিৰ বাবে ৯৫১ টা, অনুসূচিত জনজাতিৰ ৪০০ টা, অন্যান্য পিছপৰা সম্প্ৰদায়ৰ বাবে ১,৩৭৯ টা, অৰ্থনৈতিকভাৱে দুৰ্বলসকলৰ বাবে ৫৩৮ টা পদ সৰংক্ষিত থাকিব৷ আনহাতে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে আছে ২,৭৬৭ টা পদ।
লগতে পঢ়ক ফিৰিঙতিৰ পৰাই খাণ্ডৱ দাহ! নূপুৰ শৰ্মাক সমৰ্থন, এজন ৰাসায়নবিদকো শিৰশ্ছেদ
আই বি পি এছে এইসমূহ পদবী পূৰণ কৰিবলৈ জুলাইৰ ১-২১ তাৰিখলৈ আবেদন আৰু প্ৰ-পত্ৰ দাখিল কৰা সময় বান্ধি দিছে। প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ছোৱাত অনলাইনত নাম পঞ্জীয়নৰ মাচুল আদায় কৰি আবেদন কৰিব পাৰিব। আগষ্টত প্ৰশিক্ষণৰ বাবে কলিং লেটাৰ ডাউনলোড কৰিব লাগিব বুলি আই বি পি এছে প্ৰকাশ কৰিছে।
ছেপ্টেম্বৰত এই পদসমূহৰ বিপৰীতে অনলাইন প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হ’ব আৰু এই পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলে অক্টোবৰত অনুষ্ঠিতব্য অনলাইন মূল পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰিব। অহাবছৰৰ এপ্ৰিলত অস্থায়ী আবণ্টনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।
প্ৰাৰ্থীসকলৰ বয়স সৰ্বনিম্ন ২০ আৰু সৰ্বাধিক ২৮ বছৰ নিৰ্ধাৰণ কৰা হৈছে৷ অৱশ্যে অনুসূচিত জাতি-জনজাতি ৫ বছৰ, অন্যান্য পিছপৰা সম্প্ৰদায় ৩ বছৰ আৰু দিব্যাংগ প্ৰাৰ্থীয়ে ১০ বছৰৰ ৰেহাই লাভ কৰিব। একেদৰে আই বি পি এছে প্ৰাক্তন জোৱান, বিবাহ বিচ্ছেদ কৰি অকলশৰীয়া হৈ থকা মহিলা, ১৯৮৪ চনৰ সাম্প্ৰদায়িক সংঘৰ্ষত আক্ৰান্তসকলকো বয়সৰ ক্ষেত্ৰত সকাহ দিয়া হৈছে। শিক্ষাগত ন্যূনতম অহৰ্তা হৈছে স্নাতক ডিগ্ৰী৷
লগতে পঢ়ক মণিপুৰত আকৌ ভূমিস্খলন; উদ্ধাৰ ২৪ টা মৃতদেহ, ৩৮ জন এতিয়াও সন্ধানহীন
ইচ্ছুক প্ৰাৰ্থীসকলে আবেদনৰ সময়ত নিৰ্ধাৰিত পৰিমাণৰ ধন আদায় দি আবেদন কৰিব পাৰিব৷ আই বি পি এছৰ ঘোষণা অনুসৰি সকলো সংৰক্ষিত শ্ৰেণীৰ প্ৰত্যাশীয়ে অনলাইনত ১৭৫ টকা, সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ মাচুলৰ পৰিমাণ ৮৫০ টকা ডেবিট কাৰ্ড আৰু সকলো অনলাইন মাধ্যমেৰে মাচুল আদায় দিব পাৰিব৷
আগ্ৰহী প্ৰাৰ্থীসকলে আই বি পি এছৰ ৱেবছাইট www.ibps.inলৈ গৈ হোমপেজত থকা চি আৰ পি ক্লাৰ্কছ নামৰ পেইজ খুলিব লাগিব। তাতে আবেদনৰ সকলোবোৰ নিৰ্দেশনা উপলব্ধ হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ