ইতিহাস ৰচি নিউজিলেণ্ডৰ মহিলা দলে জয় কৰিলে বিশ্বকাপ
নিউজিলেণ্ডৰ মহিলা দলে ইতিহাস সৃষ্টি কৰি জয় কৰিলে ২০২৪ চনৰ মহিলা বিশ্বকাপৰ খিতাপ। কালি ২০ অক্টোবৰ তাৰিখে অনুষ্ঠিত হোৱা চুড়ান্ত খেলখনত দক্ষিণ আফ্ৰিকাক ৩২ ৰানত পৰাস্ত কৰি প্ৰথম টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰে।
খেলখনত নিউজিলেণ্ডে প্ৰথমে বেট ধৰি ১৫৯ ৰানৰ লক্ষ্য বান্ধি দিয়ে দক্ষিণ আফ্ৰিকাক। কিন্তু দক্ষিণ আফ্ৰিকা দলটোৱে ৯টা উইকেট হেৰুৱাই মাত্ৰ ১২৬ ৰানহে কৰিবলৈ সক্ষম হয়।
প্ৰথমে বেট ধৰি নিউজিলেণ্ডে ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৫৮ ৰান সংগ্ৰহ কৰিছিল। এই মেচত জয়ী হ’বলৈ দক্ষিণ আফ্ৰিকাই ১৫৯ ৰান সংগ্ৰহৰ উদ্দেশ্যে খেলপথাৰত নামিছিল।
নিউজিলেণ্ড মহিলা দলটোৰ হৈ আমেলিয়া কেৰে সৰ্বাধিক ৰান সংগ্ৰহ কৰে। তেওঁ ৩৮টা বলত ৪৩ ৰান সংগ্ৰহ কৰে। আমেলিয়াৰ উপৰিও ব্ৰুক হেলিডেই ৩৮ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছো খেলিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ