বিপদ কেতিয়াও কৈ নাহে৷ হঠাতেই আহে বিপদ৷ আৰু বিপদৰ পৰা উদ্ধাৰ পাবলৈ টকাৰ দৰকাৰ৷ ধনৰ দৰকাৰ হলে আত্মীয়ৰ ওচৰত হাত পতাতকৈ বহুতেই পাৰ্ছনেল লোন লোৱাটোকেই ভাল বুলি ভাৱে৷ ঋণ অৱশ্যে ল’লেই নহ’ব৷ সময়ত শোধ কৰিবও লাগিব৷ মাহে মাহে আপুনি এই ধন বেংকক শোধ কৰিব লাগিব৷ লোন লোৱাৰ পূৰ্বে সেয়ে ভালকৈ জানি থোৱা প্ৰয়োজন যে কিমান পৰিশোধ কৰিব লাগিব বেংকক ধন?
২১ বছৰৰ পৰা ২৮ বছৰ বয়সীয়া চাকৰিয়াল লোকে পাৰ্ছনেল লোনৰ বাবে আবেদন কৰিব পাৰে৷ ছেলফ এমপ্লয়েডৰ বাবে বয়সসীমা ৬৫ বছৰ পৰ্যন্ত৷ মাহিলী আয় নূন্যতম ১৫ হাজাৰ টকা হব লাগিব৷ চাকৰিয়ালৰ বাবে কমপক্ষেও ১ বছৰৰ কামৰ অভিজ্ঞতা থকাটো বাধ্যতামূলক৷
ঋণৰ আবেদন কৰাৰ সময়ত পৰিচয়ৰ প্ৰমাণপত্ৰ হিচাপে আধাৰ কাৰ্ড, ভোটাৰ আই ডি, পাছপৰ্ট, ড্ৰাইভিং লাইছেন্স, পান কাৰ্ড ইত্যাদি প্ৰমাণপত্ৰৰ প্ৰয়োজন৷ ইয়াৰোপৰি ৰেচন কাৰ্ড, ইউটিলিটি বিল, বেংক ষ্টেটমেণ্ট, ছেল এগ্ৰিমেণ্ট বা প্ৰপাৰ্টি পাৰছেজ এগ্ৰিমেণ্ট জমা দিবলগীয়াও হব পাৰে৷
ধৰা হ’ল কোনো ব্যক্তিয়ে দেশৰ সকলোতকৈ ডাঙৰ ৰাষ্ট্ৰায়ত্ত বেংক এছ বি আইৰ পৰা ৩ বছৰৰ ম্যাদত ৩ লাখ টকাৰ পাৰ্ছনেল লোন লৈছে৷ তেন্তে মাহিলী কিমান টকাৰ ই এম আই দিব লাগিব৷ খুব সহজেই এই হিচাপ আপুনি ওলিয়াব পাৰে৷ সুদৰ হাৰ নিৰ্ভৰ কৰে মূলত ম্যাদ আৰু ক্ৰেডিট স্কোৰৰ ওপৰত৷ অন্যান্য ফেক্টৰো আছে৷ যিয়েই নহওক, বৰ্তমান এছ বি আইত পাৰ্ছনেল লোনত ১১.৪৫শতাংশ হাৰত সুদ লগোৱা হয়৷ এই সুদৰ হাৰত প্ৰতি মাহত কিমান টকা ইএম আই দিব লাগিব?
ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা ৩ বছৰৰ ম্যাদত ১১.৪৫শতাংশ সুদৰ হাৰত যদি কোনোৱে ৩লাখ টকাৰ লোন লয় তেতিয়া লোন কেলকুলেটৰ অনুসৰি প্ৰতিমাহে ৯৮৮৪ টকাৰ ইএম আই দিব লাগিব৷ তিনি বছৰত তেওঁলোকে শোধ কৰিব লাগিব সুদৰ বাবদ মুঠ ৫৫,৮৮৪ টকা৷ অৰ্থাৎ সুদ আৰু প্ৰকৃত মিলি তেওঁ বেংকক উভতাই দিব লাগিব মুঠ ৩ লাখ ৫৫ হাজাৰ টকা৷ কম সুদত পাৰ্ছনেল লোন ল’বলৈ আপোনাৰ ক্ৰেডিট স্কোৰ, আয়, কোম্পানীৰ ধৰণ, চাকৰিৰ স্থায়িত্ব আৰু বহু সময় বেংকৰ সৈতে গ্ৰাহকৰ সম্পৰ্ক কেনে তাৰ ওপৰতো নিৰ্ভৰ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ