নিজৰ সপোনৰ ঘৰ নিৰ্মাণ কৰি তোলাৰ বাবে বহুতৰেই প্রধান ভৰসা হৈছে বেংকৰ হোম লোন৷ বিভিন্ন বেংকে বিভিন্ন সুদৰ হাৰত হোম লোন অফাৰ কৰে৷ HDFC বেংকৰ পৰা যদি কোনোৱে ২০ বছৰৰ বাবে ২৮লাখ টকাৰ হোম লোন ল’ব খোজে তেন্তে ব্যক্তিগৰাকীৰ মাহিলী ইনকাম কিমান হোৱাটো জৰুৰী? আৰু ব্যক্তিজনে মাহিলী কিমান টকা EMI বেংকক দিব লাগিব?
যেতিয়া কোনো বেংকত হোম লোনৰ বাবে আৱেদন কৰা হয় তেতিয়া ,এই বেংকৰ তৰফৰ পৰা গ্ৰাহকৰ আৰ্থিক ক্ষমতা, আয়ৰ উৎস ইত্যাদিৰ দৰে বিভিন্ন দিশ বিবেচনা কৰিয়ে এই লোন দিয়া হয়৷ যদি কোনো বেংকত হোম লোনৰ বাবে আবেদন কৰে তেন্তে ব্যক্তিজনৰ আৰ্থিক অৱস্থাৰ সৈতে ঋণগ্ৰহীতাৰ বয়সেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ প্ৰকৃততে গ্ৰাহকৰ বয়সৰ ওপৰত বহু ক্ষেত্ৰতেই হোম লোন পৰিশোধৰ সময়কাল নিৰ্ভৰ কৰে৷ আৰু যদি কোনো পুৰণি লোন পৰিশোধ কৰাৰ সৈতে নতুন হোম লোনৰ বাবে এপ্লাই কৰে তেন্তে বেংকৰ তৰফৰ পৰা সেই পুৰণি ঋণৰ বিভিন্ন দিশো পুনৰ চোৱা হয়৷ অৰ্থাৎ বেংকে হোম লোন দিয়াৰ পূৰ্বে সংশ্লিষ্ট গ্ৰাহকৰ এয়া পৰিশোধ কৰাৰ ক্ষমতা আছেনে সেয়া চাইহে ঋণ দিয়ে৷
HDFC বেংকৰ পৰা যদি কোনোৱে ২০ বছৰৰ বাবে ২৮লাখ টকাৰ ঋণ লয় তেন্তে তেওঁ প্ৰতিমানে EMI কিমানকৈ দিব লাগিব? HDFC বেংকৰ কেলকুলেটৰ অনুসৰি গ্ৰাহকৰ যদি পূৰ্বে কোনো ঋণৰ ইতিহাস নাথাকে তেন্তে তেওঁলোকে ২০ বছৰৰ বাবে ২৮লাখৰ ঋণত ৮.৭৫% সুদৰ হাৰত হোম লোন পাব পাৰে৷ অৰ্থাৎ HDFC বেংকৰ হোম লোনৰ কেলকুলেটৰ অনুসৰি কোনোৱে যদি বছৰত ৮.৭৫% হাৰত ২০ বছৰৰ বাবে ২৮লাখৰ ঋণ লয় তেতিয়া তেওঁ মাহিলী কমেও ৫১,১০০ আয় কৰিব লাগিব৷ ইয়াৰোপৰি বেংকক তেওঁ EMIত ২৫,০৫০ টকা মাহিলী দিব লাগিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ