ভাৱিছিল অনন্ত যৌৱনৰ অধিকাৰী হব৷ কিন্তু যৌৱন ধৰি ৰাখিবলৈ গৈ এনে অৱস্থা হব বুলি ভুলতো ধাৰণা কৰিব পৰা নাছিল৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফৰ্নিয়াৰ বাসিন্দা এই ব্যক্তিৰ বয়স ৬০ বছৰ৷ তেওঁ দীৰ্ঘদিন ধৰি পুৰুষাংগ বৃহদাকাৰ কৰাৰ বাবে ছিলিকন ইনজেকছন লোৱাৰ পাছতেই এক ভয়াৱহ পৰিস্থিতিৰ চিকাৰ হৈছে৷ সমগ্ৰ ঘটনাৰ কথা প্ৰকাশ কৰিছে আমেৰিকাৰ লছ এঞ্জেলছ চহৰৰ খ্যাতনামা প্লাষ্টিক ছাৰ্জন ডাঃ টিমোথি কাটজেনে৷ সংবাদমাধ্যমৰ সন্মুখত টিমোথিয়ে কয় যে নাম প্ৰকাশত অনিচ্ছুক সেই ৰোগীয়ে বিগত ১৭ বছৰ ধৰি পুৰুষাংগৰ আকাৰ বৃদ্ধিৰ বাবে ছিলিকন ইনজেকশ্ব্যন লৈছিল৷
কোনো চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ এই কাম কৰাৰ ফলত তেওঁৰ পুৰুষাংগটো অস্বাভাৱিকভাৱে ফুলি যায়৷ বৰ্তমান সেই আকাৰ হৈছে সাধাৰণৰ তুলনাত ৫গুণ৷ ইয়াৰ ফলত স্বাভাৱিকভাৱে যৌন সংগমতো দূৰৈৰে কথা ঠিকমতে প্ৰস্ৰাৱো কৰিবলৈ অক্ষম হৈছে তেওঁ৷ কেৱল সেয়াই নহয় তেওঁ অণ্ডকোষো ফুলি উঠিছে যিয়ে স্বাভাৱিক জীৱনযাত্ৰাত চৰম প্ৰতিবন্ধকতা তৈয়াৰ কৰিছে৷
এই বিষয়ত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ নিয়ামক সংস্থা এফ ডি এ কঠোৰ সতৰ্কতা জাৰি কৰিছে৷ এফ ডি এৰ পক্ষৰ পৰা জনোৱা হৈছে যে পুৰুষাংগত ছিলিকন ইনজেকশ্ব্যন লোৱাৰ মাৰাত্মক ক্ষতি হয়৷ ইয়াৰ ফলত ফোলাভাৱ, স্থায়ী দাগ, পুৰুষাংগৰ বিকৃতি, আনকি ৰক্তপ্ৰবাহনত চিলিকন প্ৰৱেশ কৰি ৰোগীৰ মৃত্যু পৰ্যন্ত হব পাৰে৷
চিকিৎসকে পৰামৰ্শ দিছে যে যিকোনো কছমেটিক ছাৰ্জাৰি বা ইনজেকশ্ব্যন লোৱাৰ পূৰ্বে ভালধৰণে গৱেষণা কৰা আৰু লাইছেন্সপ্ৰাপ্ত আৰু অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷ অজ্ঞাত স্থানৰ পৰা এই ধৰণৰ চিকিৎসা গ্ৰহণ কৰা অত্যন্ত বিপজ্জনক হব পাৰে৷ এই ঘটনা সমাজৰ সকলো স্তৰৰ মানুহৰ বাবেই এক সতৰ্কবাৰ্তা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ