নিজে নজনাকৈ অন্য পুৰুষৰ শুক্ৰাণুৰে সন্তান জন্ম দিলে এগৰাকী মহিলাই৷ দেশৰ অন্যতম নামজ্বলা এখন ফাৰ্টিলিটি ক্লিনিকে এই ঘটনা ঘটাইছে৷ ঘটনাক লৈ বহুজনেই এতিয়া প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছে৷ ঘটনাক কেন্দ্ৰ কৰি বিতৰ্কত সোমাই পৰিছে ব্ৰিছবেনৰ এটি আই ভি এফ ক্লিনিক৷
অষ্ট্ৰেলিয়াৰ প্ৰথম শাৰীৰ এখন আই ভি এফ ক্লিনিক হৈছে মোনাছ৷ বহু দম্পতিয়ে এই প্ৰতিষ্ঠানলৈ আহে টেষ্টটিউব বা অন্যান্য কৃত্ৰিম পদ্ধতি ব্যৱহাৰ কৰি সন্তান জন্ম দিবৰ বাবে৷ তাতেই ঘটা এই অদ্ভুত কাণ্ডক লৈ চকু কঁপালত উঠিছে বহুজনৰ৷
ফেব্ৰুৱাৰী মাহৰ শেষত এহাল দম্পতিয়ে জনাইছে যে তেওঁলোক সংৰক্ষণ কৰি ৰখা শুক্ৰাণু আৰু ডিম্বানু তেওঁলোকে সেই ক্লিনিকৰ অন্য শাখালৈ লৈ গৈছিল৷ তাতেই দেখা পায় যে তেওঁলোকৰ সংৰক্ষিত শুক্ৰাণু আৰু ডিম্বানু অন্য মহিলাক হে দি দিয়া হৈছে৷ এই খেলিমেলিৰ বাবেই নিজৰ অজানিতেই অন্য দম্পতিৰ সন্তানৰ মাতৃ হৈছে অন্য এগৰাকী মহিলা৷ ঘটনা প্ৰকাশিত হওঁতেই সৰ্বসমক্ষে ক্ষমাও বিচাৰিছে সেই সংস্থাৰ চিইঅ মাইকেল কাপে৷
সংবাদমেল সম্বোধন ধৰি মাইকেলে জনাই যে সমগ্ৰ ঘটনাত সংস্থাৰ কৰ্মীসকল মানসিকভাৱে ভাঙি পৰিছে৷ ইতিমধ্যেই আৰম্ভ হৈছে তদন্ত৷ ব্যক্তিসকলৰ সৈতে তেওঁলোকে ব্যক্তিগত স্তৰত যোগাযোগো ৰখা বুলি জনাইছে৷ কেৱল আভ্যন্তৰীণ তদন্তই নহয়, ব্ৰিছবেনৰ চিকিৎসা নিয়ামক সংস্থাইয়ো বিষয়টোক লৈ তদন্ত আৰম্ভ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ