এসময়ৰ অশান্ত BTR এতিয়া শান্ত, এয়াই হৈছে নতুন অসম, এয়াই হৈছে নতুন ভাৰত- মন্ত্ৰী পীযুষ হাজৰীকা
আজি ১৭ ফেব্ৰুৱাৰী তাৰিখ অসমৰ ইতিহাসৰ বাবে এক বিশেষ দিন হিচাপে মনত ৰখা হব। কিয়নো আজিৰ এই দিনটোতেই প্ৰথমবাৰৰ বাবে ৰাজধানীৰ বাহিৰত অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হয়।
এই দিনটো ভৱিষ্যতৰ বাবে এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈছে। প্ৰথমবাৰৰ বাবে ৰাজধানীৰ বাহিৰত বোড়োলেণ্ড তথা কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিন অনুষ্ঠিত হয়।
আজি কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশনত অংশগ্ৰহণ কৰাৰ প্ৰাক মুহূৰ্তত মন্ত্ৰী পীযুষ হাজৰীকাই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে প্ৰথমবাৰৰ বাবে বিধানসভাৰ অধিৱেশন ৰাজধানীৰ বাহিৰত অনুষ্ঠিত হ’বলৈ গৈ আছে। সাধাৰণতে বিধানসভাৰ অধিৱেশন দিছপুৰস্থিত বিধানসভাৰ স্থায়ী ভৱনত অনুষ্ঠিত হয়।
মন্ত্ৰীগৰাকীয়ে লগতে ইয়াকো কয় যে, এসময়ৰ বড়োলেণ্ড বৰ্তমানে শান্ত। প্ৰায় ১৫ বছৰৰ পিছত কোকৰাঝাৰত শান্তিৰ পৰিৱেশ ঘূৰি আহিছে। কোকৰাঝাৰৰ মানুহে আগতে পৃথক ৰাজ্য দাবী কৰিছিল, কিন্তু এতিয়া তেওঁলোকে সেই দাবীক অগ্ৰাহ্য কৰিছে। এসময়ত অশান্ত আৰু উন্নয়নৰ পৰা বঞ্চিত বি টি আৰৰ শান্তি আৰু প্ৰগতিৰ ক্ষেত্ৰত এক উল্লেখনীয় দৃষ্টান্ত হিচাপে দেশজুৰি চৰ্চিত হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
ইয়াৰ লগত সংগতি ৰাখিয়ে মন্ত্ৰীগৰাকীয়ে ইয়াকো কয় যে, এয়াই হৈছে নতুন অসম, এয়াই হৈছে নতুন ভাৰত। বিটিআৰৰ শান্তি আৰু উন্নয়নৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে যথেষ্ট কাম কৰিছে। আজিও বিটিআৰ উন্নয়নৰ বাবে কাম কৰি থকা হৈছে বুলি উল্লেখ কৰে ।
উল্লেখ্য যে আজিৰ বিধানসভাৰ অধিৱেশনৰ বাবে মন্ত্ৰী-বিধায়ক তথা অসম বিধানসভাৰ সদস্যসকল গুৱাহাটীৰ অসম বিধানসভা চৌহদৰ পৰা বাছ যাত্ৰাৰে কোকৰাঝাৰত উপস্থিত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ