হিন্দুধৰ্মাৱলম্বীসকলৰ বাবে গংগা এখন নদী নহয়, এই নদীক স্বৰ্গৰ দেৱীৰূপে কল্পনা কৰা হয়৷ সেয়ে পূণ্যসলিলা গংগা অত্যন্ত পবিত্ৰ হিন্দু সমাজত৷ যি কোনো শুভ কামত গংগাজল প্ৰয়োজন হয় হিন্দু লোকক৷ গংগাক মা গংগা নামেৰেও সম্বোধন কৰে সাধাৰণ মানুহে৷ পুৰাণ অনুসৰি স্বৰ্গৰ পৰা মৰ্ত্যবাসীৰ কল্যাণৰ বাবে পৃথিৱীৰ বুকুলৈ নামি আহিছিল গংগা৷ কিন্তু পুৰাণত উল্লেখ আছে যে কলিযুগত আকৌ স্বৰ্গলৈ উভতিব গংগা৷ পৃথিৱীৰ বুকুত শুকাই যাব গংগা নদী৷
গংগাৰ মৰ্ত্যলৈ আগমন
পৌৰাণিক কাহিনী অনুসৰি ৰজা ভগীৰথে গংগাক মৰ্ত্যলৈ লৈ আহিছিল৷ সেই কাৰণেই গংগাৰ আৰু এক নাম ভাগিৰথী৷ তেওঁৰ পুৰ্বপুৰুষৰ মুক্তিৰ বাবে কঠোৰ তপস্যা কৰি ব্ৰহ্মাক তুষ্ট কৰিছিল তেওঁ৷ ব্ৰহ্মাই তেওঁৰ কমণ্ডলুৰ পৰা গংগাক পৃথিৱীৰ দিশে প্ৰবাহিত কৰায়৷ কিন্তু সেই প্ৰবল শ্ৰোত পৃথিৱীত আহি পৰিলে মহাপ্ৰলয় হ’ব৷ এই আশংকাতেই মহাদেৱৰ শৰণাপন্ন হয় ভগীৰথ৷ মহাদেৱে তেতিয়া নিজৰ জটেৰে গংগাক আবদ্ধ কৰে৷ তাৰ পৰা ধীৰে ধীৰে গংগাক মৰ্ত্যলৈ প্ৰবাহিত কৰায়৷
কলিযুগত স্বৰ্গলৈ উভতিব গংগা
দেৱী ভাগৱত পুৰাণত শ্ৰীবিষ্ণু নাৰদ মুনিক কৈছে যে কলিযুগৰ ৫০০০ বছৰত স্বৰ্গলৈ আকৌ উভতিব গংগা৷ কলিযুগত যেতিয়া অন্যায় আৰু পাপৰ মাত্ৰাই সমগ্ৰ পৃথিৱীক বেৰি ধৰিব তেতিয়াই ধৰ্ম প্ৰায় হেৰাই যাব৷ মানুহৰ মন পাপ আৰু লোভেৰে পূৰ্ণ হ’ব সেই সময়ত গংগাত স্নান কৰিও কোনো পূণ্যলাভ নহ’ব৷ সেই পৰিস্থিতিত ৰুষ্ট গংগা দেৱীয়ে পৃথিৱী এৰি স্বৰ্গলৈ উভতি যাব৷
কেনেকৈ শুকাই যাব গংগা?
আমি সকলোৱে জানো যে গংগোত্ৰী হিমবাহৰ পৰা গংগাৰ উৎপত্তি৷ গংগাৰ সূচনা যি স্থানৰ পৰা পৰিচিত সেয়া গোমুখ নামেৰে জনাজাত৷ বৰ্তমান বৰফ গলি ক্ৰমাগত কমি গৈছে এই হিমবাহ৷ বিজ্ঞানীয়ে জনাইছে যে এইদৰে হিমবাহ গলি গ’লে এসময়ত শুকাই যাব গংগা নদী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ