সম্পৰ্কত থকাৰ সময়ত বহু লোক কেতিয়াবা আন মানুহৰ প্ৰতিও আকৰ্ষিত হয়। নৈতিকতাৰ দৃষ্টিভংগীৰে বিতৰ্কৰ অৱকাশ থাকিলেও ইয়াক মানৱ জীৱনৰ এক স্বাভাৱিক প্ৰৱণতা বুলিয়েই ক’ব পাৰি৷ সেয়ে বিবাহৰ পাছতো বহু লোকে বিবাহ বৰ্হিভূত সম্পৰ্কত বান্ধ খাই পৰা দেখা যায়৷
কিন্তু এই ক্ষেত্ৰত এক সমীক্ষাৰ ফলাফলে বিশেষ দৃষ্টি আকৰ্ষণ কৰা দেখা হৈছে৷ সমীক্ষাটোৰ মতে এক নিৰ্দিষ্ট মাহতে মানুহে বিবাহ বৰ্হিভূত সম্পৰ্কৰেৰে বেছিকৈ জড়িত হৈ পৰে৷ এতিয়া প্ৰশ্ন হৈছে, কোন মাহত মানুহ এই ধৰণৰ সম্পৰ্কত বেছিকৈ জড়িত হৈ পৰে?
শেহতীয়াকৈ আমেৰিকাৰ এটা ডেটিং কোম্পানীয়ে এক সমীক্ষা চলাইছে। এই সমীক্ষাত প্ৰায় দুহেজাৰ পুৰুষ-মহিলা অংশগ্ৰহণ কৰিছিল। একেটা সমীক্ষাত পুৰুষ-মহিলা নিৰ্বিশেষে সৰ্বাধিক সংখ্যক লোকে কৈছিল যে ছেপ্টেম্বৰ মাহত বিবাহ বৰ্হিভূত সম্পৰ্কত জড়িত হোৱাৰ প্ৰৱণতা অধিক হোৱা দেখা যায়। ৩২ শতাংশ মহিলা আৰু ৩৪ শতাংশ পুৰুষে এই মত প্ৰকাশ কৰে। এই ক্ষেত্ৰত দ্বিতীয় স্থানত আছে জানুৱাৰী মাহ।
লগতে পঢ়ক কামৰ পিছত টকা দিয়া নাছিল৷ কলগাৰ্লে উঠাই লৈ গ’ল বিহাৰৰ SPৰ অফিচিয়েল মোবাইল, তাৰ পাছত…
কেইবছৰমানৰ আগতে একেটা সংস্থাই কৰা এক সমীক্ষাত দেখা গৈছিল যে জানুৱাৰী মাহত সম্পৰ্কৰ বিচ্ছিন্নতা বৃদ্ধি পায়। কিন্তু এনে প্ৰৱণতা কিয় বৃদ্ধি পায়? এই ক্ষেত্ৰত পৰ্যালোচকসকলো নিশ্চিত নহয় বুলি কোৱা হৈছে।
কিন্তু তাত্ত্বিকভাৱে তেওঁলোকে ভাবে যে আমেৰিকাত ছেপ্টেম্বৰৰ আগতে গ্ৰীষ্মকালীন ছুটী বহুদিনলৈকে থাকে। বহু দম্পতীয়ে তেতিয়া একেলগে থাকে। আৰু সেইটোৱে সম্পৰ্কটোৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। বিৰক্তি আহে। সেইবাবেই বন্ধৰ পিছত বহুতে নতুন কিবা এটা বিচাৰে।
কেইবছৰমানৰ আগতে একেটা সংস্থাই কৰা এক সমীক্ষাত দেখা গৈছিল যে জানুৱাৰী মাহত বিচ্ছিন্নতাৰ হাৰ বৃদ্ধি পায়। কিন্তু পৰ্যালোচকসকলে কয় যে যোৱা দুবছৰত কিছু পৰিৱৰ্তন হৈছে। কিন্তু এটা কথা মনত ৰাখিব লাগিব যে কোনো সমীক্ষাৰ ফলাফলক নিৰপেক্ষ সত্য বুলি ধৰি লোৱা উচিত নহয়। প্ৰতিটো সম্পৰ্কই অনন্য, গতিকে এই ধাৰাটো সকলোৰে বাবে সঁচা হ’ব বুলি ধৰিব নালাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ