কেৱল বিৰাটেই নহয়, কাইলৈ বুমৰাহেও নিজৰ নামত কৰিব পাৰে এক অনন্য ৰেকৰ্ড
এই মুহূৰ্তত অতি উত্তম ফৰ্মত আছে টিম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰ যশপ্ৰীত বুমৰাহ। পাৰ্থ টেষ্টত বুমৰাহে ৮টা উইকেট দখল কৰি মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ পৰিগণিত হৈছিল। একে সময়তে এতিয়া সকলোৰে চকু এডিলেইড টেষ্ট মেচখনৰ ওপৰত নিবদ্ধ।
অনুৰাগীসকলে আশা কৰিছে যে জছপ্ৰিত বুমৰাহে নিজৰ মহান ফৰ্ম অব্যাহত ৰাখিব। একে সময়তে এডিলেইড টেষ্ট মেচত বিৰাটৰ লগতে বুমৰাহৰো ডাঙৰ কৃতিত্ব অৰ্জন কৰাৰ সুযোগ আছে ।
এডিলেইড টেষ্ট মেচত যদি বুমৰাহে এটা উইকেটো দখল কৰে তেন্তে এইবাৰ কেলেণ্ডাৰ বছৰত ৫০টা টেষ্ট উইকেট দখল কৰিব। একে সময়তে যদি তেওঁ তিনিটা উইকেট লয় তেন্তে তেওঁ জাহিৰ খানৰ এটা কেলেণ্ডাৰ বছৰত সৰ্বাধিক উইকেট দখল কৰাৰ ৰেকৰ্ড ভংগ কৰি আগবাঢ়িব। ২০০২ চনত জাহিৰ খানে এটা কেলেণ্ডাৰ বৰ্ষত ৫১টা টেষ্ট উইকেট দখল কৰিছিল। বুমৰাহে বৰ্তমানলৈ চলিত বৰ্ষত ১০খন টেষ্ট মেচত ৪৯টা উইকেট দখল কৰিছে।
অৱশ্যে এটা কেলেণ্ডাৰ বছৰত সৰ্বাধিক উইকেট লোৱাৰ অভিলেখ কপিল দেৱৰ হাতত আছে। ১৯৮৩ চনত কপিল দেৱে এটা বছৰতে ৭৫টা উইকেট দখল কৰিছিল। ইয়াৰ উপৰিও ১৯৭৯ চনত তেওঁ ৭৪টা উইকেট দখল কৰিছিল।
কপিল দেৱৰ পিছত অনিল কুম্বলেও এটা কেলেণ্ডাৰ বছৰত ৭৪টা উইকেট দখল কৰে। প্ৰবীণ স্পিন বলাৰ আৰ অশ্বিনে ২০১৬ চনত ৭২টা উইকেট দখল কৰিছিল। স্পিনাৰসকলৰ ভিতৰত ৰবিচন্দ্ৰন অশ্বিন, হৰভজন সিং, ভাগৱত চন্দ্ৰশেখৰ আৰু বিনু মানকাদেও কেলেণ্ডাৰ বৰ্ষত ৫০টাতকৈ অধিক উইকেট দখল কৰিছে। এইবাৰ যদি বুমৰাহে ৫০ সংখ্যক উইকেট দখল কৰে, তেন্তে এই তালিকাত বুমৰাহৰো নাম সন্নিবিষ্ট হব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















