বিবাহ-বিচ্ছেদৰ খবৰ মিছা, দীৰ্ঘ বিৰতিৰ অন্তত একেলগে দেখা গ’ল অভিষেক-ঐশ্বৰ্যক
বচ্চন পৰিয়ালৰ সম্পৰ্কক লৈ প্ৰায়ে বিতৰ্কৰ সৃষ্টি হয়। বিশেষকৈ বিশ্বসুন্দৰী ঐশ্বৰ্য আৰু অভিষেকৰ বিচ্ছেদৰ খবৰে গৰম কৰি ৰাখিছিল মনোৰঞ্জল জগত। অভিনেত্ৰীগৰাকীক লৈ অনুৰাগীসকলো অতিশয় চিন্তিত আছিল, বিবাহ বিচ্ছেদৰ উৰাবাতৰিয়ে সকলোৰে চিন্তা আৰু অধিক বৃদ্ধি কৰিছিল ৷
ইয়াৰ উপৰিও দম্পতিহালক বহু দিনৰে পৰা একেলগে দেখা পোৱা হোৱা নাছিল। প্ৰায়ে কেৱল ঐশ্বৰ্য আৰু কন্যা এফালে আনফালে অভিষেক, অমিতাভ, জয়া আৰু শ্বেতা বচ্ছন। তাৰে মাজতে আকৌ অভিষেক আৰু অভিনেত্ৰী নিম্ৰত কৌৰৰ মাজত সম্পৰ্ক থকাৰ খবৰ। যিয়ে অধিক অৰিহনা যোগাইছিল অভিষেক আৰু ঐশ্বৰ্যৰ বিচ্ছেদৰ খবৰৰ ওপৰত।
পাছে এই সকলোবোৰৰ মাজতে এইবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এখন বিশেষ ফটো। যি ফটোৱে এইবাৰ প্ৰমাণ কৰে যে, অভিষেক আৰপ ঐশ্বৰ্যৰ মাজত সকলো ঠিকে আছে। কোনো বিচ্ছেদ হোৱা নাই দুয়োৰে মাজত। কিয়নো দুয়োকে একেলগে সুখৰ মুহুৰ্তত দেখা গৈছে ফটোত।
ইয়াৰ পূৰ্বে অভিষেকক কেৱল কন্যা আৰাধ্যাৰ সৈতেহে দেখা গৈছিল। ইয়াৰ পূৰ্বে আৰাধ্যাৰ জন্মদিনত অভিষেক উপস্থিত নথকাৰ খবৰ আহিছিল যদিও পিছত পাৰ্টিৰ পৰা এটা ভিডিঅ’ ওলাইছিল যিয়ে অনুৰাগীসকলক প্ৰমাণ দিছিল যে অভিষেক তেওঁৰ কন্যাৰ জন্মদিনৰ পাৰ্টিত উপস্থিত আছিল।
লগতে, বৰ্তমানে ভাইৰেল হোৱা ফটোখন কোনো পুৰণি ফটো নহয়, বৰঞ্চ অতি নতুন ফটো, যিখন বিখ্যাত চলচ্চিত্ৰ প্ৰযোজক অনু ৰঞ্জনে তেওঁৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰা শ্বেয়াৰ কৰিছে।
অনু ৰঞ্জনে যোৱা নিশা অনুষ্ঠিত হোৱা হাই প্ৰফাইল পাৰ্টিৰ ছবি নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল। সেই ফটোতৈ অনুৰঞ্জনৰ সৈতে অভিষেক বচ্চন, ঐশ্বৰ্য ৰায় বচ্চন আৰু ঐশ্বৰ্যৰ মাতৃ বৃন্দা ৰায়ক দেখা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ