কাইলৈ দ্বিতীয় এদিনীয়াৰ প্লেয়িং ১১ত বিৰাটৰ স্থান প্ৰায় নিশ্চিত, কোন বাদ পৰিব ?
এদিনীয়া ফৰ্মেটত শক্তিশালী প্ৰত্যাৱৰ্তন কৰিছে ভাৰতীয় দলটোৱ। নাগপুৰত খেলা প্ৰথমখন এদিনীয়াত ৰোহিতৰ দলৰ সন্মুখত একেবাৰে বেয়াকৈ ধৰাশায়ী হয় ইংৰাজ দল। বলিঙত অভিষেক ঘটোৱা হৰ্ষিত ৰানা সুন্দৰ ফৰ্মত থকাৰ বিপৰীতে ৰবিন্দ্ৰ জাদেজাও দেখুৱাই যাঁদু। বেটিঙতো উজলি উঠে শুভমন , শ্ৰেয়াছ আদি।
পাছে এতিয়া দ্বিতীয়খন খেলৰ পূৰ্বে প্লেয়িং ১১ত সালসলনি হোৱাৰ সম্ভাৱনা। দললৈ বিৰাট ঘুৰি অহাৰ পূৰ্ণ সম্ভাৱনা। শুভমনে এই ক্ষেত্ৰত দিছে ইংগিত। পাছে বিৰাটৰ প্ৰৱেশে দলৰ পৰা বাহিৰ কৰিব এজনক। কোন আছে তালিকাত যি বাহিৰ হব দলৰ পৰা। কিয়নো বৰ্তমানে কেউজনেই সুন্দৰ ফৰ্মত।
প্ৰথমখন এদিনীয়াৰ পাছত শুবমান গিলে দ্বিতীয়খন এদিনীয়াৰ পূৰ্বে বিৰাট কোহলী ফিট হ’ব বুলি আশা প্ৰকাশ কৰিছিল। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল যে যদি কোহলীয়ে ফিট হৈ দললৈ উভতি আহে, তেন্তে বিৰাটক প্লেইং ১১ত কাৰ ঠাইত ল’ব।
প্ৰথমখনত ৫৯ ৰানৰ উজ্জ্বল ইনিংছ খেলা শ্ৰেয়াছ আয়াৰক বিৰাটৰ আঘাতৰ বাবে প্লেয়িং ১১ত সুযোগ দিয়া হৈছিল। কিন্তু নাগপুৰত ভাল প্ৰদৰ্শন কৰি দল পৰিচালনাৰ চিন্তা বৃদ্ধি কৰিছে আয়াৰে। যদি সুন্দৰ ফৰ্মত থকা আয়াৰক বাদ দিয়া হয় তেন্তে বহু প্ৰশ্নৰ উত্থাপন হ’ব পাৰে।
শ্ৰেয়াছৰ বাহিৰে যদি কোনো বেটছমেনৰ ঠাইত বিৰাট কোহলীক লোৱা হয়, সেয়া হব যশস্বী জয়ছৱাল। প্ৰথমখন এদিনীয়াত যশস্বীৰ বেট একেবাৰে শান্ত হৈ আছিল। সেয়ে এতিয়া বিৰাট ইন আৰু শ্ৰেয়াছ আউট বুলি খবৰ ওলাই আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ