অপেক্ষাৰ অন্ত, আতিফ আছলামৰ কণ্ঠেৰে মুকলি চেম্পিয়নছ ট্ৰফীৰ থীম ছং, আপুনি শুনিলেনে !
পাকিস্তান আৰু ডুবাইৰ আতিথ্যত ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আই চি চি চেম্পিয়নছ ট্ৰফী। এইবাৰ মেগা ইভেণ্টৰ অংশ হ’বলৈ সাজু হৈছে মুঠ ৮টা দল।
প্ৰতিযোগিতাখনৰ অধিকাংশ মেচ পাকিস্তানত অনুষ্ঠিত হ’ব, আনহাতে সুৰক্ষাজনিত কাৰণত কেৱল ভাৰতীয় দলেহে ডুবাইত খেলিব।
পাছে তাৰে মাজতে আজি মুকলি হয় বহু প্ৰত্যাশিত চেম্পিয়নছ ট্ৰফীৰ থীম ছং। আই চি চিয়ে এই আনুষ্ঠানিক গীতটো মুকলি কৰে আজি। পাকিস্তানৰ লগতে ভাৰতৰো সংগীত জগতত নাম থকা অতিতে জনপ্ৰিয় গায়ক আতিফ আছলামে কণ্ঠদান কৰিছে এইবাৰৰ থীম ছঙত। যি মুকলি হোৱাৰ পাছে অনুৰাগীৰ মাজত প্ৰিয় হৈ পৰে।
আতিফ আছলামে কণ্ঠদান কৰা আনুষ্ঠানিক গীতটোৰ নাম ‘জীতো বাজী খেলকৰ’। গীতটোৰ ভিডিঅ’ত আতিফক পৰিবেশন কৰাও দেখা যায়। কিন্তু এই গীতটোত কোনো খেলুৱৈয়ে অংশগ্ৰহণ কৰা নাই।
https://x.com/ICC/status/1887788544439263637
কেৱল প্ৰতিখন দেশৰ অনুৰাগীকহে ভিডিঅ’টোত দেখোৱা হৈছে। ইয়াৰ উপৰিও অনুৰাগীসকলে নিজ নিজ দেশৰ পতাকা কঢ়িয়াই অনাও দেখা গৈছে ভিডিঅটোত।
উল্লেখ্য যে, ১৯ ফেব্ৰুৱাৰীত কৰাচীত পাকিস্তান বনাম নিউজিলেণ্ডৰ খেলৰে এইবাৰৰ চেম্পিয়নছ ট্ৰফীৰ খেল আৰম্ভ হব। প্ৰতিযোগিতাখন সমাপ্ত হব ৯ মাৰ্চত। ভাৰতে ২০ ফেব্ৰুৱাৰীত ডুবাই ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে প্ৰতিযোগিতাখনৰ প্ৰথমখেল খেল খেলিব। লগতে ২৩ ফেব্ৰুৱাৰীত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত খেল ভাৰত বনাম পাকিস্তান।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ